মেডিকেল কলেজত ভুৱা প্ৰবাসী ভাৰতীয় কোটা ভৰ্তিৰ গোচৰৰ তদন্তত ধু ধন জব্দ কৰিছে বলবৎকাৰী সঞ্চালকালয়ে। ইডিৰ সূত্ৰই জনোৱা মতে, মুঠ ১২ কোটি ৩৩ লাখ টকা বেংক বেলেঞ্চ জব্দ কৰা হৈছে। ইডিয়ে দুজন ব্যক্তিৰ বেংক একাউণ্টৰ লগতে চাৰিখন ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ পৰা জব্দ কৰিছে ধন। এই গোচৰত এতিয়ালৈকে ২৩.৬৭ কোটি টকাৰ জালিয়াতি সংঘটিত হোৱা বুলি দাবী কৰিছে ইডিয়ে।
ইডিৰ সূত্ৰই জনোৱা মতে, এই গোচৰৰ তদন্তৰ সময়ত ওড়িশা আৰু ওড়িশাৰ মহাবিদ্যালয়সমূহৰ সৈতে জড়িত একাংশ বিষয়া, এজেণ্ট আদিৰ ঘৰ আৰু কাৰ্যালয়ত তালাচী চলোৱা হয়। ইডিয়ে তেওঁলোকক বহু সময় ধৰি জেৰা কৰিছিল। তালাচীৰ সময়ত এজন আমেৰিকান নটাৰীৰ ভুৱা ডাকটিকট, ভুৱা প্ৰবাসী ভাৰতীয় প্ৰমাণপত্ৰ, আৰু আন কিছুমান ভুৱা নথি উদ্ধাৰ কৰে।
নিয়ম অনুসৰি কেৱল ঘনিষ্ঠ আত্মীয়ইহে প্ৰবাসী ভাৰতীয় পৃষ্ঠপোষক হ’ব পাৰিব। তাতে ভুৱা প্ৰবাসী ভাৰতীয় নথি-পত্ৰ সৃষ্টি কৰি তাৰ জৰিয়তে বহু ছাত্ৰ-ছাত্ৰীৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰি চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয়। আনকি চিকিৎসা মহাবিদ্যালয়সমূহেও এজেণ্টক নামভৰ্তিৰ বাবে সহায় কৰে আৰু ভুৱা নথি-পত্ৰ তৈয়াৰ কৰিবলৈ তেওঁলোকক বহুত টকা দিয়ে। ইডিৰ দাবী যে এই ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়সমূহে এমবিবিএছ পাঠ্যক্ৰমৰ বাবে একৰ পৰা ডেৰ কোটি টকা আৰু এমডি বা এমএছৰ বাবে তিনিৰ পৰা চাৰি কোটি টকা লয়। ইডিয়ে জনোৱা মতে, ধনৰ বিনিময়ত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ আত্মীয়ৰ পৰা ভুৱা প্ৰমাণ পত্ৰ লাভ কৰি বিপুল ধনৰ বিনিময়ত ছাত্ৰ-ছাত্ৰীক ভৰ্তি কৰাইছিল।