• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু জনসাধাৰণৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বিকল্প নাই : অসম নাগৰিক সন্মিলন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 22, 2025 8:34 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে অসম নাগৰিক সন্মিলনে গুৱাহাটী প্ৰেছক্লাৱত এক সংবাদমেল সম্বোধন কৰে। অহা ২৩ আগষ্ট আৰু ৭ ছেপ্তেম্বৰত ক্ৰমে নগাঁও আৰু ঢেকিয়াজুলীত অনুষ্ঠিত হ’বলগা নাগৰিক সন্মিলনৰ বিষয়ে সংবাদমেলত অৱগত কৰা হয়। ইয়াৰ উপৰিও অহা ২৪ আগষ্টত লক্ষীৰাম বৰুৱা সদনত বিয়লি ২:৩০ বজাত অনুষ্ঠিত হ’বলগা “দেশৰ সাম্প্ৰতিক অৱস্থা আৰু অসমৰ বিশেষ পৰিস্থিতি” শীৰ্ষক ৰাজহুৱা সভাৰ বিষয়েও জনোৱা হয়। সংবাদমেলৰ পিছত অসম নাগৰিক সন্মিলনে এক বিবৃতি প্ৰকাশ কৰে। উক্ত বিবৃতিটো তলত সংলগ্ন কৰা হ’ল।

আমাৰ  দেশখনক ক্ষমতাসীন দলটোৱে কেনেদৰে এটাৰ পাছত এটা সংকটলৈ ঠেলি দিছে। অসমতো একেই ঘটনা। ভাৰতৰ ৰাজনীতিত যোৱা সময়ছোৱাত আমি লক্ষ্য কৰা দুটা গুৰুত্বপূৰ্ণ প্ৰৱনতা হ’ল- বিভাজনবাদী ৰাজনীতিয়ে সৃষ্টি কৰা সাম্প্ৰদায়িক উত্তেজনা আৰু এক বৃহৎসংখ্যক লোকক তেওঁলোকৰ ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰ। আচলতে, ই সংখ‍্যাগুৰুৰ ৰাজনীতি সংহত কৰা এটা মুদ্ৰাৰে দুটা পিঠি। ইয়াৰ লগত আমি  আৰু এটা কথা যোগ দিব পাৰোঁ। সেইটো হৈছে, ৰাজহুৱা সম্পদ চৰকাৰে ভালপোৱা এমুঠিমান বহুজাতিকক গটাই দিয়া যিয়ে সাধাৰণ মানুহৰ পানীত হাঁহ নচৰা অৱস্থা কৰিছে৷ আনফালে কোনোবাই যদি এইবোৰৰ বিৰোধিতা কৰে তেওঁলোকৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ চৰকাৰ সততে তৎপৰ৷ তাৰ শেহতীয়া উদাহৰণ হৈছে- কেবল তথ্যভিত্তিক প্ৰতিবেদন প্ৰকাশ কৰা বাবে দেশৰ তিনিগৰাকী প্ৰখ্যাত সাংবাদিক সিদ্ধাৰ্থ ভৰদাৰাজন, কৰণ থাপৰ আৰু অভিষাৰ শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ। সকলো বিৰোধী দল, নাগৰিক সমাজ আৰু জনসাধাৰণ ঐক্যবদ্ধ হ’লেহে দেশে সন্মুখীন হোৱা এই বিপদজনক পৰিস্থিতিৰ সৈতে আমি মোকাবিলা কৰিব পাৰিম আৰু তাক  বাধা দিব পাৰিম৷ অসম নাগৰিক সন্মিলনৰ উদ্যোগত তেনে এক প্ৰচেষ্টাই লোৱা হৈছে৷ বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁইৰ নেতৃত্বত ছজনীয়া ব্যক্তিৰ দল এটাই যোৱা ছমাহে অসমৰ সকলো বিৰোধী ৰাজনৈতিক দলক ঐক্যবদ্ধ কৰাৰ বাবে চেষ্টা চলাই আছে। ইতিমধ্যে যোৱা জুলাই মাহত  গুৱাহাটীত এখন বৃহৎ নাগৰিক অভিৱৰ্ত্তনৰো আয়োজন কৰা হৈছিল য’ত আটাইকেইটা বিৰোধী ৰাজনৈতিক দলৰ নেতৃবৃন্দই  অংশ গ্ৰহণ কৰিছিল। পৰৱৰ্তী পৰ্যায়ত একেই উদ্দেশ্যেৰে অসমৰ বিভিন্ন ঠাইত আঞ্চলিক অভিৱৰ্ত্তনৰো আয়োজন কৰা হৈছে। ইয়াৰে প্ৰথমখন কাইলৈ নগাঁৱত, দ্বিতীয়খন যোৰহাটত অহা ৭ ছেপ্তেম্বৰত আৰু তাৰ পাছত তৃতীয়খন ১৪ ছেপ্টেম্বৰত ঢেকিয়াজুলিত অনুষ্ঠিত হ’ব। এনেদৰে ৰাজ্যখনৰ সকলো জিলাকে সামৰি আঞ্চলিক নাগৰিক অভিৱৰ্তন অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়া চলি আছে । আমি সকলো নাগৰিক সমাজ, বিৰোধী ৰাজনৈতিক দল আৰু সাধাৰণ জনতাক এই আঞ্চলিক অভিৱৰ্তনবোৰৰ  প্ৰতি সমৰ্থন আগবঢ়াই সেই বোৰ সফল কৰি তুলিবলৈ আহ্বান জনাইছো।

Apply Now

অন্য এটা উল্লেখযোগ্য ঘটনা হৈছে ২৪ আগষ্টত লক্ষীৰাম বৰুৱা সদনত বিয়লি ২:৩০ বজাত “দেশৰ সাম্প্ৰতিক অৱস্থা আৰু অসমৰ বিশেষ পৰিস্থিতি” শীৰ্ষক ৰাজহুৱা সভাখন৷ এই ৰাজহুৱা সভাখনত ভাৰতৰ বিশিষ্ট লেখক- বুদ্ধিজীৱীৰ দল এটাই অংশগ্ৰহণ কৰিব৷ এই দলটিত থাকিব- উচ্চতম ন্যায়ালয়ৰ অধিবক্তা প্ৰশান্ত ভূষণ, ভাৰতৰ প্ৰাক্তন মুখ্য তথ্য আয়ুক্ত ওৱাজাহাট হাবিবুল্লাহ, পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্য, ছায়েদা হামিদ, প্ৰচাৰ ভাৰতীৰ প্ৰাক্তন মুৰব্বী, জোহৰ ছিৰকাৰ আদি। সকলোকে ৰাজহুৱা সভালৈ আমন্ত্ৰণ জনোৱা হ’ল।

অসম নাগৰিক সন্মিলনৰ হৈহীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, আব্দুল মান্নান, শান্তনু বৰঠাকুৰ

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm
কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

July 3, 2026 7:15 pm
ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

July 3, 2026 6:24 pm
বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm
কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

July 3, 2026 7:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd