• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ত নিৰ্বাচনী বণ্ডৰ তথ্য প্ৰকাশত বিলম্ব; এছ বি আইৰ বিৰুদ্ধে অৱমাননাৰ আবেদন

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 7, 2024 1:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে নিৰ্বাচনী বণ্ড অসাংবিধানিক বুলি ঘোষণা কৰে। এই পৰিপ্ৰেক্ষিতত ভাৰতীয় ষ্টেট বেংকক নিৰ্বাচনী বণ্ড সম্পৰ্কীয় সকলো তথ্য ৬ মাৰ্চৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হয়। অৱশ্যে এই তথ্য দাখিল কৰিবলৈ দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংকটোৱে ৩০ জুনলৈকে সময় বিচাৰিছে।

কিন্তু উচ্চতম ন্যায়ালয়ে দিয়া সময়সীমা উকলি যোৱাৰ পিছতে ভাৰতীয় ষ্টেট বেংকৰ বিৰুদ্ধে আদালত অৱমাননাৰ আবেদন ৰুজু কৰা হয়। আজি উচ্চতম ন্যায়ালয়ত এই আৱেদন দাখিল কৰে এছ’চিয়েচন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মে।

এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এ ডি আৰ)ৰ হৈ আজি উচ্চতম ন্যায়ালয়ত অধিবক্তা প্ৰশান্ত ভূষণে অৱমাননাৰ গোচৰ ৰুজু কৰে। ইয়াৰ পূৰ্বে ৪ মাৰ্চত এছ বি আইয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি নিৰ্বাচনী বণ্ড সম্পৰ্কীয় তথ্য দাখিল কৰিবলৈ তেওঁলোকক ৩০ জুনলৈকে সময় দিয়াৰ দাবী জনাইছিল।

লগতে পঢ়কঃ ফাদিল অভিপ্ৰায়! নিৰ্বাচনী বণ্ডৰ তথ্য দিবলৈ উচ্চতম ন্যায়ালয়ত হোহকা পিছলা কৰা SBI চৰকাৰৰ বাবে কিন্তু তৎপৰ

এছ বি আইৰ দাবী যে নিৰ্বাচনী বণ্ডৰ সৈতে জড়িত তথ্য ‘ডিকোড’ কৰিবলৈ সময় লাগিব পাৰে। বেংক কৰ্তৃপক্ষই দাবী কৰিছিল যে এই সমগ্ৰ প্ৰক্ৰিয়াটো অতি জটিল। ইফালে এছ বি আইৰ অনুৰোধ গ্ৰহণ কৰি তথ্য দাখিলৰ সময়সীমা বৃদ্ধি কৰিলে ইয়াৰ অৰ্থ হ’ল লোকসভা নিৰ্বাচনৰ পিছতহে এই তথ্য ৰাজহুৱা হ’ব। বেংকটোৰ তথ্য অনুসৰি এই পৰ্যন্ত মুঠ ২২ হাজাৰ ২১৭টা নিৰ্বাচনী বণ্ড বিক্ৰী হৈছে।

উল্লেখ্য যে ২০২১ চনত অসম আৰু পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী বণ্ডৰ বিৰুদ্ধে সৰ্বোচ্চ আদালতত জনস্বাৰ্থৰ গোচৰ ৰুজু হৈছিল। গোচৰকাৰীসকলে অভিযোগ কৰে যে ৰাজনৈতিক দলসমূহে এই বণ্ডসমূহৰ জৰিয়তে অবৈধ আৰু বিদেশী উৎসৰ পৰা ধন লাভ কৰিব পাৰে আৰু ইয়াৰ ফলত গণতন্ত্ৰ ধ্বংস হ’ব। এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে আদালতত দাবী কৰিছিল যে নিৰ্বাচনত ক’লা ধন ৰোধ কৰিবলৈ নিৰ্বাচনী বণ্ডৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।

ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ক কেন্দ্ৰীয় চৰকাৰে জনাইছিল যে নিৰ্বাচনী বণ্ডৰ তথ্যৰ বিষয়ে জানিবলৈ নাগৰিকৰ কোনো অধিকাৰ নাই। মন কৰিবলগীয়া যে ২০১৮ চনত এই নিৰ্বাচনী বণ্ড আঁচনিখন প্ৰৱৰ্তন কৰা হৈছিল। তেতিয়াৰ পৰাই দেশত কোনো বাধা নোহোৱাকৈ বণ্ড বিক্ৰী হৈছিল।

লগতে পঢ়কঃ লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন! প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনা কা-বিৰোধী প্ৰতিবাদ নকৰে আছুৱে

ইপিনে, ৰাজনৈতিক দলৰ হাতত নগদ ধনৰ অভাৱত নিৰ্বাচনী বণ্ড বিক্ৰীৰ অনুমতি দিয়া হৈছে বুলি নিৰ্বাচন আয়োগে উচ্চতম ন্যায়ালয়ক অৱগত কৰে। আয়োগে দাবী কৰিছে যে নিৰ্বাচনী বণ্ডত কোনো অস্পষ্টতা নাই। কিন্তু দুয়োটা পক্ষৰ যুক্তি শুনি উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে এক ঐতিহাসিক ৰায়দানত কয় যে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী বণ্ড বিক্ৰী কৰি যি ধৰণে ধন সংগ্ৰহ কৰিছে সেয়া অসাংবিধানিক। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd