সম্পূৰ্ণ ব্যৰ্থ এডভাণ্টেইজ আছাম, কোটি কোটি টকা শৰাধ, অসমলৈ বিনিয়োগ অহাৰ সম্ভাৱনা নাই : আব্দুল খালেক

Abdul Khalek 2

২৮ ছেপ্তেম্বৰত দিচপুৰ লাষ্টগেইটত ট্ৰেড য়ুনিয়ন যৌথ সমিতিৰ উদ্যোগত হোৱা গণ অৱস্থান কাৰ্য্যসূচীত বিধায়ক আব্দুল খালেক।

“এডভাণ্টেইজ আছাম সম্পূৰ্ণ ব্যৰ্থ হৈছে। আমাৰ কথা বাদেই দিয়ক, শাসক দলৰ বিধায়কসকলে এডভাণ্টেইজ আছামৰ বিফলতা উদঙাই দিছে।” ২৮ ছেপ্তেম্বৰত দিচপুৰ লাষ্টগেইটত ট্ৰেড য়ুনিয়ন যৌথ সমিতিৰ উদ্যোগত হোৱা গণ অৱস্থান কাৰ্য্যসূচীত মাত্ৰ ৭  মিনিটৰ বাবে উপস্থিত থাকি এই মন্তব্য কৰে কংগ্ৰেছী বিধায়ক আব্দুল খালেকে।

উল্লেখ্য যে, বিধায়কগৰাকী মাত্ৰ ৭ মিনিটৰ বাবে উক্ত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত উপস্থিত থাকি বিজেপি চৰকাৰৰ বিৰুদ্ধে সমালোচনাত সৰৱ হৈ পৰে। অৱশ্যে ট্ৰেড য়ুনিয়নৰ দাবীসমূহৰ প্ৰতি কিমান আন্তৰিক সমৰ্থন আছে সেয়া সন্দেহৰ বিষয়। কিয়নো তেওঁ মাত্ৰ ৭ মিনিট উপস্থিত থাকিয়েই আৰু বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে দুষাৰ কৈয়ে বিদায় লয়।

লক্ষণীয়ভাৱে এডভাণ্টেইজ আছাম অনুষ্ঠিত হোৱা বহুদিন পাৰ হৈ গ’ল যদিও অসমলৈ কোনোধৰণৰ বিনিয়োগ অহা নাই বুলি দাবী কৰে বিধায়ক খালেকে।

এই সম্পৰ্কত তেওঁ কয় “অসমলৈ বিনিয়োগ অহাৰ সম্ভাৱনা নাই, চৰকাৰে এই কথা ৰাজহুৱা কৰিব পৰা নাই। বিনিয়োগকাৰীসকলৰ সৈতে চুক্তি কৰিলেই নহ’ব, কিমান টকা বিনিয়োগ কৰিব, তাৰ এটা সঠিক চিত্ৰ চৰকাৰে দাঙি ধৰিব পৰা নাই।”

তদুপৰি তেওঁ এডভাণ্টেইজ আছামৰ নামত কোটি কোটি টকাৰ এনেই শৰাধ হ’ল বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে।

“আনহাতে নগাওঁ আৰু কাছাৰ কাগজকল পুনৰ উজ্জীৱিত কৰিবলৈ বিধান সভাৰ মজিয়াত দাবী জনাই আহিছো যদিও ৰাজ্য চৰকাৰে তাল-বাহানা কৰি আছে, কোনো এটা সু-উত্তৰ দিব পৰা নাই।” এইবুলি কয় বিধায়ক খালেকে।

তেওঁ লগতে মোদী চৰকাৰক সমালোচনা কৰি কয়, “অৱশ্যে মোদীয়ে ৰাফেল বিমান ক্ৰয়ৰ ক্ষেত্ৰত অনিল আম্বানিৰ ওচৰত আত্মসমৰ্পণ কৰিলে। কিন্তু আমাৰ আশা ৰাজ্য চৰকাৰে ব্যক্তিগত খণ্ডৰ হাতত যাতে আত্মসমৰ্পণ নকৰি অতি সোনকালে কাগজ কল দুটা মুকলি কৰিব লাগে।”