হৃদতন্ত্ৰৰ ৰোগ আজিকালি তেনেই সুলভ হৈ আহিছে। ইয়াৰ বাবে মূলতঃ জীৱনশৈলীয়েই দায়ী। গতিকে, ভাল জীৱনশৈলী গঢ়ি নুতুলিলে আৰু চিকিৎসা নকৰিলে ই মাৰাত্মক হৈ উঠিব পাৰে।
হৃদৰোগী সকলে কেনেদৰে নিজৰ যত্ন ল’ব লাগে জানি লওঁ আহক –
১. চিকিৎসাৰ পৰামৰ্শ অনুসৰণ কৰক : সদায় চিকিৎসকৰ নিৰ্দেশনা অনুসৰি ঔষধ গ্ৰহণ কৰক। আপোনাৰ চিকিৎসাৰ বাবে নিয়মিতভাৱে কাৰ্ডিঅ’লজিষ্টৰ ওচৰলৈ যাওক। নিয়মত স্বাস্থ্য পৰীক্ষা কৰাওক।
২. হৃদযন্ত্ৰৰ বাবে স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক : ফলমূল আৰু শাক-পাচলি বেছিকৈ খাওক। পৰিশোধিত শস্যৰ ঠাইত ব্ৰাউন ৰাইচ, অটছৰ দৰে গোটা শস্য খাদ্যৰ তালিকাত ৰাখক। আপোনাৰ খাদ্যত মাছ, হাঁহ-কুকুৰা, বীন, আৰু বাদাম অন্তৰ্ভুক্ত কৰক। অস্বাস্থ্যকৰ চৰ্বি সীমিত কৰক। অলিভ অইলৰ দৰে স্বাস্থ্যসন্মত চৰ্বি বাছি লওক।
অত্যধিক ছডিয়ামে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। সেয়ে নিমখ কমকৈ খাওক।
হৃদৰোগী সকলে প্ৰচুৰ পৰিমাণে পানী খাব লাগে আৰু চেনিযুক্ত পানীয় খোৱাৰ পৰা বিৰত থাকিব লাগে।
৩. ওজন বজাই ৰাখক : অতিৰিক্ত ওজনৰ বাবে হৃদযন্ত্ৰৰ ৰোগ হ’ব পাৰে। গতিকে সুষম খাদ্য আৰু নিয়মীয়া ব্যায়ামে ওজন বজাই ৰখাত সহায় কৰিব পাৰে।
৪. নিয়মিতভাৱে ব্যায়াম : প্ৰথমে চিকিৎসকৰ পৰামৰ্শ লওক। চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্যায়ামৰ কাৰ্যসূচী বাচনি কৰক। খোজ কঢ়া, সাঁতোৰ, বা যোগাসন হৃদৰোগৰ বাবে উপকাৰী। প্ৰত্যেক দিনাই অন্ততঃ ৩০ মিনিট মধ্যমীয়া ব্যায়াম কৰক।
৫. মানসিক চাপ : ধ্যান, গভীৰ উশাহ-নিশাহ আদিয়ে মানসিক চাপ সন্তুলন কৰে। মানসিক চাপে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।
৬. ধূমপান বন্ধ কৰক আৰু মদ্যপান সীমিত কৰক : ধূমপান বন্ধ কৰক। ধূমপান হৃদতন্ত্ৰৰ বাবে অতি ক্ষতিকাৰী। লগতে, মদ্যপান সীমিত কৰক। যথাসম্ভৱ মদৰ পৰা আঁতৰত থাকক।
৭. ৰক্তচাপ আৰু মধুমেহ নিয়ন্ত্ৰণত ৰাখক : ৰক্তচাপ আৰু মধুমেহৰ লগত হৃদতন্ত্ৰৰ ৰোগৰ সম্পৰ্ক আছে। গতিকে ঔষধ, প্ৰয়োজনীয় জীৱনশৈলীৰ দ্বাৰা ৰক্তচাপ আৰু মধুমেহ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক।
৮. পৰ্যাপ্ত টোপনি : অপাৰ্যপ্ত টোপনিয়ে হৃদতন্ত্ৰৰ ক্ষতি কৰে। গতিকে, ৮/৯ ঘন্টা টোপনি যাবলৈ চেষ্টা কৰক।
হাৰ্ট এটেকৰ লক্ষণসমূহ জানি লওক –
– বুকুৰ বিষ বা অস্বস্তি।
– উশাহ চুটি হোৱা।
– মূৰ ঘূৰোৱা বা পাতল যেন লগা।
– অস্পষ্ট ভাগৰ।
এইবোৰ লক্ষণে দেখা দিলে তৎক্ষণাত চিকিৎসকৰ কাষ চাপক।