ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ জোনমণি দেৱী খাউণ্ড আৰু স্বামীয়ে ৰাজ্য চৰকাৰলৈ আগবঢ়ালে সাহায্য

বৰ্তমান সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে ক’ৰ’না ভাইৰাছে। ভাৰবৰ্ষতো শেহতীয়াভাৱে এই ভাইৰাছবিধত ৭৬৮৪ জন আক্ৰান্ত হোৱাৰ লগতে ২৫০ জন মৃত্যু মুখত পৰিছে।

আনহাতে এই পৰ্যন্ত অসমত ২৯ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে এজন লোকৰ মৃত্যু হয়৷

এনে এক দুৰ্যোগৰ সময়ত ক’ৰ’না ভাইৰাছক ৰুধিবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰা আৰোগ্য নিধিলৈ অধিবক্তা জোনমনি দেৱী খাউণ্ড আৰু তেওঁৰ স্বামী জয়ন্ত খাউণ্ডে আগবঢ়াইছে সাহায্য।

ক’ৰ’না বিৰুদ্ধে যুঁজ দিবলৈ তেওঁলোকে ২০ লাখ টকাৰ সাহায্য আগবঢ়াইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত ইতিমধ্যে প্ৰদান কৰিছে ২০ লাখ টকাৰ এখন চেক।

উল্লেখ্য যে সাহায্য প্ৰদান কৰি অধিবক্তা খাউণ্ডে কয়, ’স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে তৎপৰতাৰে কৰা যুজঁখনত এইয়া আমাৰ তৰফৰ পৰা সামান্য অৰিহণা’৷

উল্লেখ্য যে, ক’ৰ’না প্ৰতিৰোধী যুঁজখনৰ বাবে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ ৰাজ্যৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যৱসীয়া, খেলুৱৈ তথা সাধাৰণ জনতাই স্বতঃস্ফুৰ্তভাৱে আৰ্থিক বৰঙণি আগবঢ়োৱা পৰিলক্ষিত হৈছে।