নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান অধিবক্তা সন্থাৰ

ATTACHMENT

প্ৰতিনিধিত্বমূলক চিত্ৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত অসমৰ বিভিন্ন জাতীয় সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অহাৰ সময়তে এইবাৰ বিধেয়কৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গ’ল গৌহাটী উচ্চ ন্যায়ালয় অধিবক্তা সন্থাই।

নগাৰিকত্ব বিধেয়ক গৃহীত হ’লে অসমৰ ভাষা-সংস্কৃতি তথা খিলঞ্জীয়া লোকৰ অস্তিত্ব বিপদাপন্ন হ’ব বুলি উল্লেখ কৰি বৃহস্পতিবাৰে অধিবক্তা সন্থাই ৰাজ্যপাল জগদীশ মুখীক এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

বহু বিতৰ্কিত বিধেয়কখনৰ প্ৰসংগত সন্থাৰ সভাপতি চৰণ ডেকা আৰু সাধাৰণ সম্পাদক শান্তম খাউণ্ডে কয় যে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ পৰা অহা হিন্দু, খ্ৰীষ্টান তথা অন্যান্য ধৰ্মালম্বীৰ লোক ২০১৪ চনৰ ৩১ ডিচেম্বৰ বা তাৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰি থিতাপি লোৱা সকলক নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তৰ আমি তীব্ৰ বিৰোধিতা কৰিছো।

আনহাতে এই বিধেয়কখন অতি শীঘ্ৰে বাতিল কৰিবলৈ সন্থাৰ ১০জনীয়া প্ৰতিনিধি দল এটাই দিনৰ প্ৰায় ১১.৩০ বজাত ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰকপত্ৰখন প্ৰদান কৰা বুলি সন্থাৰ সভাপতি আৰু সা: সম্পাদকগৰাকীয়ে উল্লেখ কৰে।

অধিবক্তা সন্থাৰ প্ৰতিনিধি দলটোৱে ৰাজ্যপালৰ আগত কয় যে যদিহে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰে তেন্তে অসমৰ খিলঞ্জীয়া লোকসকল আৰ্থ-সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিকভাৱে অস্তিত্বহীন হৈ পৰিব।