NORTHEAST NOW (Assamese)

অসুস্থ দেশ! মাত্ৰ ১৮ দিন পূৰ্বে নিজৰ প্ৰাণ বচাই অসমলৈ আহিছে এজন আফগানিস্তানৰ লোক

September 1, 2021 11:22 am · ৰিদীপ শৰ্মা
আফগান নাগৰিক আব্দুল খান। ফটো: নৰ্থইষ্ট নাও।

তালিবানৰ দখললৈ যোৱাৰ পাছতে আফগানিস্তানৰ বাসিন্দাসকলৰ মাজত সৃষ্টি হোৱা আতংকৰ পৰিণতিত দেশখনৰ বহু লোকে প্ৰাণৰ মমতাত বিভিন্ন দেশলৈ ঢাপলি মেলিছে।

সেইদৰে, মাত্ৰ ১৮ দিন পূৰ্বে নিজৰ প্ৰাণ বচাই অসমলৈ আহিছে এজন আফগানিস্তানৰ লোক।

নিজৰ পত্নী আৰু দুই সন্তানক অন্য এখন দেশলৈ পঠায়ই দি অসমত উপস্থিত হোৱা আব্দুল খান নামৰ লোকজন আজি চিন্তা ক্লিষ্ট।

নগাওঁ-নলতলি ৰাজ্যিক ঘাইপথৰ ৰূপহীহাটৰ এখন পথাৰৰ কাষত মন মাৰি বহি থকা আব্দুলে নিজৰ পত্নী আৰু দুই সন্তানৰ সৈতে যোগাযোগ বিচ্ছিন্ন বুলি মন্তব্য কৰে।

তাৰ মাজতে কাবুলত তালিবানিসকলে চলোৱা বৰ্বৰতাৰ ছবিখন বৰ্ণনা কৰিলে আব্দুল খানে।

নিজৰ আপোন দেশখন এৰি এইদৰে ভগনীয়া হৈ বিভিন্ন দেশত আশ্ৰয় ল’বলগীয়া হৈছে আফগানিস্তানৰ লোকসকলে।

প্ৰতিপল শান্তিৰ অপেক্ষাত থাকি অৱশেষত পুনৰ অশান্তিৰ দাবানলত নিথৰুৱা হ’বলগীয়া হৈছে আব্দুল খানৰ দৰে লোকসকল।

Related News