অদম্য আফগানিস্তান! পাকিস্তানক ৰুদ্ধ কৰি ল’লে ঐতিহাসিক জয়ৰ স্বাদ

Afghanistan beat Pakistan

ক্ৰীড়াত নাই কোনো অঘটনৰ পৰিভাষা। হয়তো থাকিব পাৰে শক্তিশালী অথবা দুৰ্বল অভিধা; কিন্তু জয় কিম্বা পৰাজয়ক কেতিয়াও অঘটনৰ পৰিভাষাৰে বাখ্যা কৰিব নোৱাৰি। জয় বা পৰাজয় নিৰ্ধাৰণ কৰে সময়ত দেখুওৱা পাৰদৰ্শিতা, প্ৰদৰ্শন আৰু যোগ্যতাই।

এই কথাকে পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে আফগানিস্তানে। সাম্প্ৰতিক ক্ৰিকেট বিশ্বত আফগানিস্তানক দুৰ্বল বুলিলে ভুল হ’ব। তথাপি অভিজ্ঞতা আৰু পৰিসংখ্যাৰ ফালৰ পৰা পাকিস্তানতকৈ দুৰ্বলেই হ’ব দলটো। কিন্তু পৰিসংখ্যায়ো যে নিৰ্ণয় নকৰে মেচৰ ফলাফল!

চলিত বিশ্বকাপত নিজৰ চমকপ্ৰদ অভিযান অব্যাহত ৰাখি সোমবাৰে আফগান বাহিনীয়ে দুৰন্ত প্ৰদৰ্শনেৰে পাকিস্তানৰ বিপক্ষে পৰিসংখ্যাগত ব্যৰ্থতাৰ ধাৰাবাহিকতা ৰুদ্ধ কৰি সোৱাদ ল’লে ঐতিহাসিক জয়ৰ। লাভ কৰিল চলিত বিশ্বকাপত দ্বিতীয়টো জয়ৰ স্বাদ।

সোমবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত পাকিস্তানক ৮ উইকেটত বিধ্বস্ত কৰে হাছমাতুল্লাহ শ্বাহিদী নেতৃত্বাধীন দলটোৱে। অভিনৱ বেটিং প্ৰদৰ্শনেৰে ২৮৩ ৰাণৰ লক্ষ্য সহজেই অতিক্ৰমি দলটোৱে পাকিস্তানৰ বিপক্ষে প্ৰথমবাৰৰ বাবে এদিনীয়া ফৰ্মেটত জয়ৰ কৃতিত্ব লভে।

দলটোৰ এই জয়ৰ এক সবল ভেটি গঢ়ি তুলিছিল দুই অপেনাৰ ৰহমানুল্লাহ গুৰবাজ আৰু ইব্ৰাহিম জদ্ৰানে। শক্তিশালী পাক বলিং আক্ৰমণক হেলাৰঙে দিশহাৰা কৰি দুয়ো প্ৰথম উইকেটত বান্ধে ১৩০ ৰাণৰ এক সবল যুটী। জদ্ৰানতকৈ যেন অধিক নিৰ্দয় হৈ পৰিছিল গুৰবাজ।

আক্ৰমণাত্মক শৈলীৰে বেটিং কৰি গুৰবাজে পাকিস্তানৰ সকলো সম্ভাৱনাক প্ৰথমেই থকা-সৰকা কৰি তোলে। ৫৩ টা বলত ৯ টা চাৰি আৰু এটা ছয়েৰে ৬৫ ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলি আউট হয় গুৰবাজ। এনে এক সবল স্থিতিৰ পিছত অৱশ্যে কিছু ধীৰে-স্থিৰে আগবাঢ়ে জদ্ৰান।

ৰহমত শ্বাহৰ সৈতে ইনিংছ আগুৱাই নি জদ্ৰানে দলক ১৯০ ৰাণৰ স্ক’ৰত উপনীত কৰায়। ধৈৰ্যশীল বেটিঙেৰে ইনিংছত গতি দি জদ্ৰান শতকৰ কাষ চাপিছিল যদিও ব্যক্তিগত ৮৭ ৰাণত তেওঁ হাছান আলিৰ চিকাৰ হয়।

জদ্ৰানৰ বিদায়ৰ পিছত আৰু অৱশ্যে কোনো হানি নঘটিল আফগান ইনিংছত। ৰহমত শ্বাহ আৰু অধিনায়ক হছমাতুল্লাহ শ্বাহিদিয়ে তড়িৎ গতিৰে ৰাণ সংগ্ৰহ কৰি এটা অভাৰ বাকী থকা অৱস্থাতে লক্ষ্য ভেদ কৰি আফগান দলক দিয়ে আকাংক্ষিত বিজয়।

ইয়াৰ পূৰ্বে টছত জয়ী হৈ পাকিস্তানে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। দলটোৰ আৰম্ভণি আছিল সুখকৰ। দুই অপেনাৰ আব্দুল্লা ছাফিক আৰু ইমাম উল হকে অপেনিং যুটীত যোগ দিয়ে ৫৬ ৰাণ। ব্যক্তিগত ১৭ ৰাণত ইমাম আউট হোৱাৰ পিছত ছাফিক আৰু বাবৰেও যোগ দিয়ে ৫৪ ৰাণ।

৫৮ ৰাণৰ অৰ্ধশতকীয় ইনিংছ খেলি বিদায় লয় ছাফিকে। ব্যৰ্থ হয় ৰিজৱান (৮)। ছাউদ ছাকিলে কৰে ২৫ ৰাণ। আনহাতে অধিনায়ক বাবৰে সংগ্ৰহ কৰে সৰ্বাধিক ৭৪ ৰাণ। পিছলৈ ছাডাব খান (৪০) আৰু ইফটিখাৰ আহমেদে (৪০) কিছু আক্ৰমণাত্মক শৈলীৰে বেটিং কৰাৰ ফলত দলটোৱে ২৮২ ৰাণৰ এক প্ৰত্যাহ্বানজনক স্ক’ৰ থিয় কৰায়।

আফগানিস্তানৰ হৈ বিশ্বকাপ অভিষেক ঘটা যুৱ স্পিনাৰ নুৰ আহমেদে ৩ টা, নবীন উল হকে দুটা, নবী আৰু আজমাতুল্লাহে এটাকৈ উইকেট দখল কৰিছিল। ধৈৰ্যশীল বেটিঙেৰে ৮৭ ৰাণৰ এক সুন্দৰ ইনিংছ খেলি দলক বিজয়ৰ দিশত আগবঢ়াই নিয়া জদ্ৰান মেচৰ শ্ৰেষ্ঠ বিবেচিত হয়।

উল্লেখ্য যে, এইবাৰৰ বিশ্বকাপত আফগানিস্তানৰ এয়া আছিল দ্বিতীয় জয়। ইয়াৰ পূৰ্বে ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডক ৬৯ ৰাণত পৰাস্ত কৰিছিল। আজিৰ জয়েৰে আফগানিস্তান পইণ্ট তালিকাৰ ষষ্ঠ স্থানলৈ উন্নীত হয়। আনহাতে পৰাস্ত হ’লেও ৰাণ ৰেটৰ ভিত্তিত পঞ্চম স্থান অক্ষুণ্ণ আছে পাকিস্তানৰ।