টি২০ বিশ্বকাপত অঘটন! ৭বাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাজিত কৰিলে আফগানিস্তানে

২০২৪ চনৰ টি-২০ বিশ্বকাপত আফগানিস্তানে অসম্ভৱকো সম্ভৱ কৰি তুলিছে। আফগানিস্তানে ৭ বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়ান দলটোক পৰাস্ত কৰিছে। ছুপাৰ ৮ৰ খেলখনত আফগানিস্তানে ২১ ৰানত জয়লাভ কৰে। প্ৰথমে বেটিং কৰি আফগানিস্তানে ১৪৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে অষ্ট্ৰেলিয়াৰ দলটোৱে ১২৭ ৰান সংগ্ৰহ কৰি অল আউট হয়। আফগানিস্তানৰ হৈ গুলবদিন নাইবে ৪টা উইকেট দখল কৰে। আনহাতে নবীন উল হকে ৩টা উইকেট দখল কৰে। অষ্ট্ৰেলিয়াৰ দলটোৱে ৬ বাৰ এদিনীয়া বিশ্বকাপ আৰু এবাৰ টি-২০ বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছে।

টছত পৰাস্ত হোৱাৰ পাছত আফগান দলটোৱে প্ৰথমে বেটিং কৰিবলৈ আহি ৬টা উইকেট হেৰুৱাই ২০ অভাৰত ১৪৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ সময়ত অ’পেনাৰ গুৰবাজে ৪৯টা বলৰ সন্মুখত ৬০ ৰান সংগ্ৰহ কৰে। তেওঁ ৪টা চাৰি আৰু ৪টা ছয় সংগ্ৰহ কৰে। ইব্ৰাহিম জাদ্ৰানে ৫১ ৰানৰ ইনিংছ খেলে।মেচখনত পেট কামিন্সে অষ্ট্ৰেলিয়াৰ হৈ ৩টা উইকেট দখল কৰে। আৰু এডাম জাম্পাই ২ টা উইকেট দখল কৰে।

আফগানিস্তানৰ বিৰুদ্ধে খেলপথাৰলৈ অহা প্ৰবীণ খেলুৱৈয়ে ভৰা কেংগাৰু দলটোৱে আজি আত্মসমৰ্পণ কৰে। আনকি সম্পূৰ্ণ ২০ অভাৰ খেলিব নোৱাৰিলে অষ্ট্ৰেলিয়াৰ দলটোৱে। ১৯.২ অভাৰত ১২৭ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল। অষ্ট্ৰেলিয়াৰ হৈ গ্লেন মেক্সৱেলে ৪১টা বলৰ সন্মুখত ৫৯ ৰান সংগ্ৰহ কৰে। তেওঁ ৬টা চাৰি আৰু ৩টা ছয় কৰে। ১২ ৰান সংগ্ৰহ কৰি আউট হৈছিল অধিনায়ক মিচেল মাৰ্ছ। ১১ ৰান সংগ্ৰহ কৰি আউট হৈছিল মাৰ্কাছ ষ্টয়নিছ।

অষ্ট্ৰেলিয়াৰ দলটো ৭ বাৰৰ বিশ্ব চেম্পিয়ন। ২০২১ চনত অষ্ট্ৰেলিয়াই টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছিল। ৬ বাৰ এদিনীয়া বিশ্বকাপৰ খিতাপ দখল কৰিছে। ১৯৮৭, ১৯৯৯, ২০০৩, ২০০৭, ২০১৫ আৰু ২০২৩ চনত অষ্ট্ৰেলিয়াই এদিনীয়া বিশ্বকাপৰ খিতাপ দখল কৰিছিল।