• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল চৰকাৰৰ বৰঘৰতেই দুৰ্নীতি : মন্ত্ৰী যোগেন মহন আৰু সঞ্জয় কিষানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী আপৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 28, 2024 5:12 pm
93
VIEWS
Share on FacebookShare on Twitter

” জনতা ভৱনৰ পৰাই চলিছে দুৰ্নীতিৰ বেহা।  মন্ত্ৰী সঞ্জয় কিষাণ আৰু যোগেন মহনৰ কাৰ্যালয় জড়িত হৈ আছে ২৫০ কোটি টকাৰ ভুৱা ৱৰ্ক অৰ্ডাৰ প্ৰস্তুতৰ বিশাল কেলেংকাৰিত। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰহস্যজনক ভাবে বৰ্তমানলৈকে মন্ত্ৰী দুগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ” এই অভিযোগ আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ ।

”ভুৱা ৱৰ্ক অৰ্ডাৰ কেলেংকাৰিত জড়িত থকাৰ অভিযোগত ইতিমধ্যে প্ৰদেশ বিজেপিৰ অনুসূচীত জাতি কোষৰ এগৰাকী শীৰ্ষস্থানীয় নেতা অসীম কুমাৰ দাস, বিৰিঞ্চি বৰকটকী নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া, মন্ত্ৰী যোগেন মহনৰ ব্যক্তিগত সচিব মন্মথ দাস আৰু পিয়ন প্ৰফুল্ল ডেকাক গ্ৰেপ্তাৰ কৰিছে। আমাৰ প্ৰশ্ন – দুৰ্নীতিৰ সৈতে জড়িত বিজেপিৰ নেতা আৰু জনতা ভৱনত মন্ত্ৰীৰ নিৰ্দেশত কাম কৰা কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি মন্ত্ৰী যোগেন মহনক ৰেহাই দিয়াৰ অন্তৰালত কি ৰহস্য লুকাই আছে? যিহেতু মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাই সংঘটিত হৈছে বৃহৎ দুৰ্নীতি, ইয়াত মন্ত্ৰী গৰাকী জড়িত নথকাৰ কোনো যুক্তি নাই। আমি আম আদমী পাৰ্টিয়ে মন্ত্ৰী যোগেন মহনকো তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছোঁ। আনহাতে কেলেংকাৰি মাষ্টাৰ মাইণ্ড অসীম দাসে যিহেতু মন্ত্ৰী সঞ্জয় কিষানৰ বাসভৱন আৰু কনফাৰেঞ্চ হল ব্যৱহাৰ কৰি এই বিশাল কেলেংকাৰি সংঘটিত কৰিছে, ইয়াত মন্ত্ৰী সঞ্জয় কিষাণ ধোৱা তুলসীৰ পাত হৈ থাকিব নোৱাৰে। চৰকাৰৰ বৰঘৰত চলি থকা নিকৃষ্ট কৰ্ম কাণ্ড ৰোধ কৰিবলৈ মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছোঁ। ” – তেওঁ লগতে কয়।

আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ অভিযোগ,” ৰাজ্যত সংঘটিত এটাৰ পাছত আনটো বিয়াগোম দুৰ্নীতি তথা শাসক দলৰ মন্ত্ৰী বিধায়কৰ ভ্ৰষ্টাচাৰৰ বাবেই আজি উন্নয়ন স্থবিৰ হৈ পৰিছে । এনে অৱস্থাত ৰাজ্যবাসীৰ স্বাৰ্থত শেহতীয়া ভাৱে জনতা ভবনৰ পৰা সংঘটিত হোৱা ভুৱা ৱৰ্ক অৰ্ডাৰ কেলেংকাৰিৰ চিবিআইৰ তদন্তৰ দাবী কৰিছোঁ। কাৰণ এই কেলেংকাৰিত জড়িত হৈ আছে শীৰ্ষস্থানীয় বিজেপি নেতা, জনতা ভৱনৰ বিষয়া- কৰ্মচাৰী, সাঙোৰ খাইছে দুগৰাকীকৈ মন্ত্ৰীৰ নাম, গ্ৰেপ্তাৰ হৈছে মন্ত্ৰীৰ সহায়ক। আনহাতে যি সময়ত অবিজেপি শাসিত ৰাজ্যসমূহত কেন্দ্ৰীয় চৰকাৰে হকে- বিহকে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই অথবা ইডিক  ব্যৱহাৰ কৰে, এতিয়া অসমত সংঘটিত এই বিয়াগোম কেলেংকাৰিৰ তদন্ত চিবিআইক গতাই দিয়ক। কাৰণ এই অনিয়মৰ সৈতে দুগৰাকীকৈ মন্ত্ৰীৰ কাৰ্যালয় তথা বহিঃৰাজ্যৰ প্ৰতিষ্ঠান জড়িত হৈ আছে। “

Recent News

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd