আফ্রিকান চোৱাইন ফিভাৰৰ পৰা সুৰক্ষিত হৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Entrance-of-Kaziranga-National-Park-678x381

অসমৰ বিভিন্ন প্ৰান্তত আফ্রিকান চোৱাইন ফিভাৰৰ ফলত বহু গাহৰিৰ মৃত্যু হোৱাৰ সময়ত সুৰক্ষিত হৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷

ৰাষ্ট্ৰীয় উদ্যানখনত বা ইয়াৰ কাষৰীয় অঞ্চলত আজিৰ তাৰিখলৈ গাহৰিৰ মৃত্যু হোৱাৰ তথ্য পোৱা হোৱা নাই৷

ইয়াৰ মাজতে অগৰাতলিত গাহৰিৰ মৃত্যু হোৱা বুলি ওলোৱা এক প্ৰচাৰে বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল।

ইফালে উজনিৰ পৰা ব্ৰহ্মপুত্ৰ আৰু ধনশিৰিত উটি অহা গাহৰিৰ মৃতদেহ কোনো কাৰণতে যাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নাপায় তাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে।

এইক্ষেত্ৰত বোকাখাত বনাঞ্চলৰ লংকুৰ, গাভৰু, শিশুবাৰী আৰু মৰিয়াহোলা বন শিৱিৰৰ বনকৰ্মীক নিৰ্দেশ দিছে বন সংমণ্ডল প্ৰধিকাৰী ৰমেশ কুমাৰ গগৈয়ে।

লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া গাহৰিৰ ওপৰতো নজৰ ৰাখিছে বনকৰ্মীয়ে৷

কাজিৰঙাৰ উত্তৰ দিশে থকা ষষ্ঠ সংযোজন এলেকাৰ বিশ্বনাথ বন সংমণ্ডল এলেকাত ব্ৰহ্মপুত্ৰত উটি অহা ভালেসংখ্যক মৃত গাহৰি উদ্ধাৰ কৰি বিধিগতভাৱে পুতি পেলাইছে বনকৰ্মীয়ে৷

কাজিৰঙাৰ বনৰীয়া গাহৰিৰ যাতে কাষৰীয়া গাওঁৰ পোহনীয়া গাহৰিৰ কোনো কাৰণতে সংস্পৰ্শলৈ নাহে তাৰ বাবেও ব্যৱস্থা হাতত লৈছে কাজিৰঙাৰ কৰ্তৃপক্ষই৷

ইয়াৰ বাবে উপ বন সমৰক্ষক প্ৰদীপ কুমাৰ বাৰ্মাৰ নেতৃত্বত এটা স্কুৱাড গঠন কৰা হৈছে৷

উচ্চ পৰ্যায়ৰ বিষয়া আৰু পশু চিকিৎসক ডা৹ নৱীন পাণ্ডেক লৈ গঠিত এই স্কুৱাডে ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আৰু সীমামূৰীয়া অঞ্চলত গাহৰিৰ সম্পৰ্কীয় বিষয়ত তথ্য সংগ্ৰহৰ কাম আৰম্ভ কৰিছে৷