৬ মাহলৈ মণিপুৰত বৃদ্ধি AFSPAৰ ম্যাদ! কুকি-মেইটেৰ সংঘাতৰ পৰিস্থিতিক লৈ চিন্তিত হোৱাৰ দোহাই প্ৰশাসনৰ

মণিপুৰত মঙলবাৰৰ পৰা আৰু ছমাহৰ বাবে বৃদ্ধি কৰা হৈছে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন। ১৯খন থানাৰ এলেকাৰ বাহিৰে সমগ্ৰ ৰাজ্যত এই আইনখন বৃদ্ধি কৰা হৈছে। ইম্ফল, বিষ্ণুপুৰ, জিৰিবাম, লামফেলকে ধৰি কেইবাটাও আৰক্ষী থানা এলেকা এ এফ এছ পিৰ দখলৰ বাহিৰত ৰখা হৈছে। মণিপুৰৰ গৃহ বিভাগৰ আয়ুক্ত এন অশোক কুমাৰে এক বিবৃতিযোগে এই কথা সদৰী কৰে। অধিসূচনা অনুসৰি একাংশ ক্ষুব্ধ আৰু উগ্ৰ সংগঠনৰ হিংসাত্মক কাৰ্যকলাপ প্ৰতিহত কৰাৰ লগতে আইন-শৃংখলাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

উত্তৰ-পূবৰ ৰাজ্যসমূহত উগ্ৰপন্থীৰ সৈতে মোকাবিলা কৰিবলৈ দেশৰ সশস্ত্ৰ বাহিনীক অতিৰিক্ত ক্ষমতা প্ৰদানৰ বাবে কেন্দ্ৰই ১৯৫৮ চনত এ এফ এছ পি এ আইন প্ৰণয়ন কৰে। ২০২২ চনৰ আৰম্ভণিৰ পৰা উত্তৰ-পূব অসম, নাগালেণ্ড, ৰাজধানী ইম্ফলৰ বাহিৰে বাকী মণিপুৰ, আৰু অৰুণাচলৰ তিনিখন জিলাত আফছপা বলবৎ হৈছিল। ইয়াৰ পিছতে নৰেন্দ্ৰ মোদী চৰকাৰে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা আফ্ছপা প্ৰত্যাহাৰৰ পৰ্যায় আৰম্ভ কৰে। যোৱা বছৰো গৃহ মন্ত্ৰালয়ে কৈছিল যে উত্তৰ-পূৰ্বাঞ্চলৰ যিবোৰ অঞ্চলত আইন-শৃংখলা বা আন সমস্যা নাই, সেইবোৰ অঞ্চলৰ পৰা আফছপা পৰ্যায়ক্ৰমে আঁতৰাই পেলোৱা হ’ব পাৰে। কিন্তু মণিপুৰৰ হিংসাত্মক পৰিস্থিতিয়ে গোটেই পৰিসংখ্যাটো সলনি কৰি পেলাইছে।

মণিপুৰৰ কেইবাটাও অঞ্চলত কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ ফলত ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। শেহতীয়াকৈ আৰক্ষী আৰু সেনাৰ যৌথ অভিযানত পূব ইম্ফল জিলাত উদ্ধাৰ হৈছে ২৮.৫ কেজি বিস্ফোৰক। যোৱা মাহত মণিপুৰ চৰকাৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে দাবী কৰিছিল যে যুদ্ধ আৰু ড্ৰ’ন আক্ৰমণৰ প্ৰশিক্ষণপ্ৰাপ্ত ৯০০ কুকি উগ্ৰপন্থীয়ে ম্যানমাৰৰ পৰা মণিপুৰত প্ৰৱেশ কৰিছে। তেওঁ দাবী কৰে যে এই তথ্য চোৰাংচোৱাৰ সূত্ৰৰ পৰা লাভ কৰা হৈছে। এই প্ৰতিবেদনক সহজভাৱে ল’ব নালাগে বুলিও কুলদীপে সকীয়াই দিয়ে।