NORTHEAST NOW (Assamese)

প্ৰেমিকাক ৩৫ টুকুৰা কৰি ফ্ৰীজত ৰখা আফতাবে জেলৰ পৰাই দিব স্নাতকোত্তৰৰ পৰীক্ষা, সলনি হ’ল শুনানিৰ দিন

July 11, 2026 7:07 pm · এন ই নাও নিউজ, গুৱাহাটী

লিভ-ইন সংগী শ্ৰদ্ধা ৱাকাৰক হত্যা কৰি মৃতদেহটো ৩৫ টুকুৰা কৰি ফ্ৰীজত ৰখাৰ অভিযোগ উঠিছিল আফতাব পুনাৱালাৰ বিৰুদ্ধে। এই ভয়ংকৰ ঘটনাই সমগ্ৰ দেশক জোকাৰি গৈছিল। তেতিয়াৰ পৰাই দিল্লীৰ তিহাৰ জেলত বন্দী হৈ আছে আফতাব। বৰ্তমানো এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে। অহা ২০ জুলাইত এই গোচৰৰ পৰৱৰ্তী শুনানি আছিল যদিও এতিয়া সেই দিন সলনি কৰা হৈছে। কাৰণ সেই দিনাই আফতাবৰ স্নাতকোত্তৰ অৰ্থাৎ এম এ পৰীক্ষা আছে।

জানিব পৰা মতে, আফতাব ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞানৰ ছাত্ৰ। ১১ জুলাইৰ পৰা ২০ জুলাইলৈকে তাৰ স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা চলিব। সেয়েহে শুনানি বাতিল কৰিবলৈ সি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ইয়াৰ পিছতে ন্যায়াধীশ হৰগুৰবিন্দৰ সিং জাগ্গীয়ে আফতাবৰ আবেদন গ্ৰহণ কৰে। আদালতৰ সূত্ৰৰ মতে, বিচাৰকে ২০ জুলাইৰ পৰিৱৰ্তে ২১ জুলাইৰ দুপৰীয়া ২ বজাত সাক্ষ্যগ্ৰহণৰ বাবে আফতাবক সশৰীৰে হাজিৰ হোৱাৰ নিৰ্দেশ দিছে।

উল্লেখ্য যে, ২০২২ চনৰ ১৮ মেত দিল্লীৰ মেহৰৌলীত প্ৰেমিকা শ্ৰদ্ধা ৱাকাৰক হত্যা কৰিছিল প্ৰেমিক আফতাবে। হত্যাৰ পিছত শ্ৰদ্ধাৰ শৰীৰটো ৩৫ টা টুকুৰা কৰি দিল্লীৰ বিভিন্ন ঠাইত পেলাই দিছিল। আফতাবক ভালপায়েই পৰিয়াল, চাকৰি আৰু নিজৰ চহৰ এৰি দিল্লীলৈ গুচি আহিছিল যুৱতীগৰাকী। অৱশ্যে আফতাবৰ নিষ্ঠুৰ স্বভাৱৰ কথা শ্ৰদ্ধাই আগতেই জানিছিল। আনকি ২০২০ চনত এখন দীঘলীয়া চিঠি লিখি আফতাবৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগো দাখিল কৰিছিল শ্ৰদ্ধাই। কিন্তু ইয়াৰ পিছতো তাই আফতাবৰ লগতেই থাকি গৈছিল আৰু শেষত এনে এক মৰ্মান্তিক পৰিণতিৰ বলি হবলগীয়া হয়।

 

Related News