• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“হিমন্ত বিশ্ব শৰ্মাৰ ভাবুকিলৈ আমি ভয় নকৰোঁ” :  সংবাদমেলযোগে মুখ্যমন্ত্ৰীক যোগ্য প্ৰত্যুত্তৰ এছ এফ আইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2026 7:19 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিল্পী আৰু ছাত্ৰ সংগঠনৰ বাক্‌স্বাধীনতা দমন কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰিছে ভাৰতৰ ছাত্ৰ ফেডাৰেচন চমুকৈ এছ এফ আইৰ অসম ৰাজ্যিক সমিতিয়ে। শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কৰা মন্তব্যক ‘স্বৈৰাচাৰী, প্ৰতিশোধমূলক আৰু গণতান্ত্ৰিক মূল্যবোধবিৰোধী’ আখ্যা দিছে ছাত্ৰ সংগঠনটোৱে।

শনিবাৰে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত এছ এফ আইয়ে কয় যে ৰাজনৈতিক আদৰ্শ আৰু দলমত নিৰ্বিশেষে অসমৰ প্ৰতিগৰাকী শিল্পীৰ সৃষ্টিশীল আৰু গণতান্ত্ৰিক অধিকাৰ অক্ষুণ্ণ থাকিব লাগিব। কোন শিল্পীয়ে কি ছবি আঁকিব অথবা কেনেদৰে নিজৰ সৃষ্টিশীলতা প্ৰকাশ কৰিব, সেই কথা নিৰ্ধাৰণ কৰাৰ অধিকাৰ মুখ্যমন্ত্ৰীক সংবিধানে দিয়া নাই বুলি সংগঠনটোৱে মন্তব্য কৰে।

Apply Now

চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাকে ধৰি সকলো চিত্ৰশিল্পী, কবি আৰু সাহিত্যিকৰ শিল্প স্বাধীনতাৰ পক্ষত এছ এফ আই সদায় থিয় হৈ থাকিব বুলিও বিবৃতিটোত কোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে বিভিন্ন ছবিত জুবিন গাৰ্গক বিশেষ ধৰণৰ টুপী পিন্ধোৱা বুলি কৰা মন্তব্যৰো বিৰোধিতা কৰে সংগঠনটোৱে।

এছ এফ আইৰ মতে, জুবিন গাৰ্গে নিজেই তেনে টুপী পৰিধান কৰি চে গুৱেভাৰাৰ সৈতে নিজৰ আদৰ্শগত সংযোগ প্ৰকাশ কৰিছিল। জুবিন গাৰ্গ, চে গুৱেভাৰা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাজবাদী চিন্তাধাৰাৰ প্ৰতি মুখ্যমন্ত্ৰী ভীত বুলি অভিযোগ কৰি সংগঠনটোৱে কয় যে জুবিন গাৰ্গৰ ছবি অথবা তেওঁলৈ ন্যায়ৰ দাবী সম্বলিত প’ষ্টাৰৰ প্ৰতিও চৰকাৰে অসহিষ্ণু মনোভাব প্ৰদৰ্শন কৰিছে।

“জুবিন সত্তাৰ ওপৰত যেতিয়াই আক্ৰমণ হ’ব, তেতিয়াই এছ এফ আইয়ে তাৰ বিৰুদ্ধে দৃঢ়তাৰে সংগ্ৰাম আগুৱাই নিব,” বিবৃতিটোত সংগঠনটোৱে উল্লেখ কৰে।

নৱনিৰ্মিত উৰণ সেতুৰ দেৱালত ছবি অংকন অথবা শ্লোগান লিখিলে এছ এফ আইৰ কৰ্মীক গ্ৰেপ্তাৰ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে দিয়া কথিত ভাবুকিকো সংগঠনটোৱে গৰিহণা জনায়। এছ এফ আইয়ে উৰণ সেতু প্ৰকল্পক সমৰ্থন কৰিলেহে ছবি অংকনৰ অনুমতি দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য অত্যন্ত প্ৰতিশোধমূলক আৰু গণতান্ত্ৰিক মূল্যবোধৰ পৰিপন্থী বুলি বিবৃতিটোত কোৱা হৈছে।

সংগঠনটোৱে স্পষ্ট কৰি দিয়ে যে এছ এফ আইয়ে উন্নয়নমূলক প্ৰকল্প অথবা সাধাৰণভাৱে উৰণ সেতু নিৰ্মাণৰ বিৰোধিতা নকৰে। কিন্তু দীঘলীপুখুৰী উৰণ সেতু নিৰ্মাণৰ নামত অঞ্চলটোৰ সেউজ আৱৰণৰ প্ৰতি ভাবুকি সৃষ্টি হোৱাৰ বাবেহে বিভিন্ন ছাত্ৰ সংগঠন, নাগৰিক সমাজ আৰু শিল্পী জুবিন গাৰ্গৰ সৈতে এছ এফ আইয়ে প্ৰতিবাদ কৰিছিল।

সংগঠনটোৰ দাবী, নাগৰিকৰ প্ৰতিবাদৰ বাবেই চৰকাৰে উৰণ সেতুখনৰ নক্সা সলনি কৰিবলৈ বাধ্য হৈছিল আৰু দীঘলীপুখুৰীৰ মূল সেউজ আৱৰণ ৰক্ষা পৰিছিল। অৱশ্যে নক্সা সলনি কৰাৰ পিছতো নিৰ্মাণৰ বাবে স্থানান্তৰ কৰা গছসমূহৰ এজোপাও ৰক্ষা নপৰা বুলি সংবাদমাধ্যমত প্ৰকাশিত খবৰৰ কথাও বিবৃতিটোত উল্লেখ কৰা হয়।

উৰণ সেতুত এছ এফ আইয়ে ছবি অংকন কৰিলে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন চমুকৈ NSA প্ৰয়োগ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ভাবুকি দিয়াৰ অভিযোগ তুলি সংগঠনটোৱে প্ৰশ্ন কৰে—অসমত আইন আৰু আদালতৰ ওপৰত মুখ্যমন্ত্ৰীৰ ইচ্ছাই এতিয়া চূড়ান্ত সিদ্ধান্ত হৈ পৰিছে নেকি?

“ছবি অংকন কৰাৰ অধিকাৰ সকলোৰে আছে। অসম মুখ্যমন্ত্ৰী অথবা তেওঁৰ পৰিয়ালৰ ব্যক্তিগত সম্পত্তি নহয়। মুখ্যমন্ত্ৰীৰ ৰঙা চকুলৈ এছ এফ আইয়ে ভয় নাখায়,” বিবৃতিটোত কোৱা হৈছে। জুবিন গাৰ্গৰ ছবি অংকনৰ লগতে সকলো শিল্পীৰ শিল্প স্বাধীনতা ৰক্ষাৰ বাবে সংগঠনটোৱে আন্দোলন অব্যাহত ৰাখিব বুলিও ঘোষণা কৰে।

ইয়াৰ লগতে ৰাজহুৱা শিক্ষা ব্যৱস্থা ৰক্ষাৰ আন্দোলনো কোনো ভাবুকিয়ে বন্ধ কৰিব নোৱাৰে বুলি এছ এফ আইয়ে কয়। সংগঠনটোৰ অভিযোগ অনুসৰি, চৰকাৰী পুঁজিৰ অভাৱত ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে NSA প্ৰয়োগ কৰা হ’লেও সংগঠনটোৱে সেই পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সাজু।

বিগত দহ বছৰত ৰাজ্যত প্ৰায় ১২ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ হোৱা বুলি দাবী কৰি এছ এফ আইয়ে কয় যে চৰকাৰী বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় ৰক্ষাৰ সংগ্ৰাম গ্ৰেপ্তাৰৰ ভাবুকিৰে স্তব্ধ কৰিব পৰা নাযায়।

“এছ এফ আইৰ কৰ্মীক কাৰাগাৰত বন্দী কৰিব পাৰি, কিন্তু স্বাধীনতা, গণতন্ত্ৰ আৰু সমাজতন্ত্ৰৰ আদৰ্শক কাৰাবন্দী কৰিব নোৱাৰি,” বুলি উল্লেখ কৰি সংগঠনটোৱে অন্যায়, দমন আৰু শিক্ষাবিৰোধী নীতিৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰখাৰ ঘোষণা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

July 31, 2026 9:59 pm
প্ৰণৱ দলেক NSA-ৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

প্ৰণৱ দলেক NSA-ৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

July 31, 2026 9:45 pm
বদ্ৰীনাথ মন্দিৰত দানৰ ধন চুৰি : অপৰাধ স্বীকাৰ কৰিলে মূল অভিযুক্তই, ঘৰৰ পৰা উদ্ধাৰ ৰূপৰ মূৰ্তি আৰু নেপালী নোট

বদ্ৰীনাথ মন্দিৰত দানৰ ধন চুৰি : অপৰাধ স্বীকাৰ কৰিলে মূল অভিযুক্তই, ঘৰৰ পৰা উদ্ধাৰ ৰূপৰ মূৰ্তি আৰু নেপালী নোট

July 31, 2026 9:36 pm
জামিন পোৱাৰ পিছদিনাই ভূমি অধিকাৰকৰ্মী প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন জাপি দিলে চৰকাৰে

জামিন পোৱাৰ পিছদিনাই ভূমি অধিকাৰকৰ্মী প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন জাপি দিলে চৰকাৰে

July 31, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

July 31, 2026 9:59 pm
প্ৰণৱ দলেক NSA-ৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

প্ৰণৱ দলেক NSA-ৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

July 31, 2026 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd