বিবাহৰ প্ৰতিশ্ৰুতিৰে ১৬ বছৰ একেলগে থকাৰ পাছত যৌন নিৰ্যাতনৰ অভিযোগ! উভয় পক্ষৰ যুক্তি শুনি উচ্চতম ন্যায়ালয়ে গোচৰটোত অভিযুক্ত যুৱকজনক দোষমুক্ত কৰে। একে সময়তে গোচৰটোৰ গ্ৰহণযোগ্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছিল।
এগৰাকী যুৱতীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল যে তেওঁৰ প্ৰাক্তন সংগীয়ে বিবাহৰ অজুহাতত তেওঁক ১৬ বছৰ ধৰি সহবাস কৰি যৌন নিৰ্যাতন চলাইছিল। উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰে। তাত আদালতৰ যুক্তি হ’ল বিবাহৰ প্ৰতিশ্ৰুতি ভংগ কৰিলে ধৰ্ষণ নহয়। যদিহে প্ৰমাণিত হয় যে অভিযুক্তই সম্পৰ্কৰ আৰম্ভণিৰে পৰাই নিজৰ সংগীক বিয়া কৰাব বিচৰা নাছিল, কিন্তু বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰে যৌন সম্পৰ্ক স্থাপন কৰিছিল, তেতিয়াহে ধৰ্ষণৰ গোচৰ ৰুজু কৰিব পৰা যাব। ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ে যুৱকজনৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ খাৰিজ কৰে।
ন্যায়াধীশ দুগৰাকীৰ মতে, “যুৱতীগৰাকীৰ অভিযোগত বিভিন্ন অসামঞ্জস্যতা আছে।যুৱতীগৰাকীয়ে কয় যে দুয়োৰে ১৬ বছৰ ধৰি যৌন সম্পৰ্ক আছিল! ইয়াৰ পৰা স্পষ্ট যে সেই সম্পৰ্কত কেতিয়াও বলপূৰ্বক বা প্ৰতাৰণা কৰাৰ কোনো কাণ্ড হোৱা নাছিল।” উচ্চতম ন্যায়ালয়ে আৰু লক্ষ্য কৰে যে অভিযোগকাৰীগৰাকী এগৰাকী উচ্চ শিক্ষিত, সক্ষম মহিলা। আদালতে লগতে কয় যে তেওঁ প্ৰতিবাদ অবিহনে এক দশকৰো অধিক সময় যৌন নিৰ্যাতন সহ্য কৰাটো বিশ্বাস কৰিব নোৱাৰা কথা।
মন কৰিবলগীয়া যে, ২০২২ চনত তেওঁৰ সংগীয়ে আন এগৰাকী মহিলাক বিয়া কৰাই বাবে আৰক্ষীক এজাহাৰ দাখিল কৰিছিল মহিলাগৰাকীয়ে। অভিযোগকাৰীয়ে দাবী কৰা মতে, মিছা প্ৰতিশ্ৰুতিৰ অধীনত একেলগে থকাৰ উপৰিও ২০০৬ চনৰ এদিন নিশা অভিযুক্তই তেওঁৰ ঘৰত গোপনে যৌন সম্পৰ্ক স্থাপনৰ চেষ্টা কৰিছিল। অৱশ্যে তাৰ পাছতো অভিযুক্ত আৰু অভিযোগকাৰীৰ ঘনিষ্ঠতা অক্ষত অৱস্থাত থাকিল! সমগ্ৰ ঘটনাৰ শুনানি গ্ৰহণ কৰি আদালতে যুক্তি দিছিল যে যুৱকজনৰ কোনো কু-অভিপ্ৰায়ৰ কোনো প্ৰমাণ নাই। বৰঞ্চ যুৱতীগৰাকীৰ সন্মতি সাপেক্ষে তেওঁ যুৱতীগৰাকীৰ সৈতে সম্পৰ্কত আছিল। আদালতে অনুমান কৰিছে যে যুৱতীগৰাকীয়ে তেওঁলোকৰ সম্পৰ্কৰ অৱনতি ঘটাৰ পাছত যুৱতীগৰাকীয়ে আন এগৰাকী মহিলাক বিয়া কৰাই ধৰ্ষণৰ অভিযোগ দাখিল কৰে। শেষত উচ্চতম ন্যায়ালয়ে কয় যে ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ চলাই থকাটো কেৱল অন্যায়েই নহয়, আইনৰ অপব্যৱহাৰো।