NORTHEAST NOW (Assamese)

দেশৰ ৫০ গৰাকী সাংবাদিকৰ শৰীৰত কোভিড১৯; কি ক’লে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীয়ে?

April 22, 2020 10:46 am · এন ই নাও নিউজ

কালি সন্ধিয়ালৈকে দেশৰ ৫০ ৰো অধিক সাংবাদিকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

তাৰে প্ৰায়সংখ্যেকই মহাৰাষ্ট্ৰৰ মুম্বাইৰ সাংবাদিক।

৫০ ৰো অধিক  সাংবাদিক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ অহাৰ পিছতে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে সাংবাদিকৰ বাবে কিছু পৰামৰ্শ আগবঢ়াইছে।

“এইটো আচৰিত হ’ব লগীয়া কথা যে মুম্বাইত ৫০ ৰো অধিক সাংবাদিক ক’ৰ’নাৰ দ্বাৰা আক্ৰান্ত হৈছে। বৈদ্যুতিন মাধ্যমৰ বিশেষকৈ মুম্বাইৰ কেমেৰামেনসকলৰ শৰীৰত কোভিড১৯ পোৱা গৈছে। সকলো সাংবাদিকে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰক।” নিজৰ টুইটাৰ একাউন্ট মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কয় যে সকলো সংবাদ পত্ৰ আৰু সংবাদ প্ৰতিষ্ঠানলৈ তেওঁলোকৰ কৰ্মচাৰীৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিতকৰণ বাবে পৰামৰ্শ প্ৰদান কৰা হৈছে।

Related News