দুৰ্নীতিৰ বাবেই ৮ বছৰে অসম্পূৰ্ণ হৈ ৰৈছে মহানগৰ জিলা উপায়ুক্তৰ পুৰণি আৱাস গৃহটো সংৰক্ষণৰ কাম

Old DC Bunglo

মহানগৰ জিলা উপায়ুক্তৰ পুৰণি আৱাস গৃহটো।

মহানগৰ জিলা উপায়ুক্তৰ পুৰণি আৱাস গৃহটো সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে হাতত লোৱা কাম যোৱা ৮ বছৰেও সম্পূৰ্ণ কৰিব নোৱাৰিলে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে।

পাণ বজাৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ এটা টিলাত ৮০ বছৰ পূৰ্বেই ব্ৰিটিছে নিৰ্মাণ কৰা এই আৱাস গৃহটোৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে চৰকাৰে পদক্ষেপ লৈছিল।

অসম আৰ্হিৰ এই আৱাসগৃহটো স্বাধীনতাৰ পিছতো উপায়ুক্তৰ আৱাসগৃহ হিচাপে ব্যৱহাৰ কৰা হৈছিল।

পিছত আৱাসগৃহটো ব্যৱহাৰৰ অনুপযোগী হৈ পৰাত জিলা উপায়ুক্ত থকাৰ বাবে ৰাজভৱনৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত নতুন আৱাসগৃহ নিৰ্মাণ কৰা হয়।

পুৰণি আৱাস গৃহটো ভালেমান বছৰ ধৰি পৰিত্যক্ত অৱস্থাত থকাৰ পিছত পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে এই আৱাসগৃহটো নতুন ৰূপত সজাই ঐতিহ্যকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে পৰিকল্পনা হাতত লয়।

চৰকাৰে ইয়াক বস্ত্ৰ, হস্ততাঁত ঐতিহ্য কেন্দ্ৰ আৰু শৈক্ষিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে মহানগৰ উন্নয়ন প্ৰাধিকৰণক ২০১২-১৩ চনতে দায়িত্ব দিয়ে আৰু তাৰ বাবে মহানগৰ উন্নয়ন প্ৰাধিকৰণক ৭ কোটি ৪৬ লাখ টকাৰ বিত্তীয় অনুমোদনো দিয়ে। অৱশ্যে কাম আৰম্ভ কৰা হয় ২০১৪ চনৰ আৰম্ভণিৰ পৰাহে।

প্ৰথম অৱস্থাত ২০১৫ চনৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ সময় নিৰ্ধাৰণ কৰা হৈছিল।

কিন্তু তদানীন্তন কংগ্ৰেছ চৰকাৰে কামখিনিৰ বাবে সময়ত ধন মোকলাই নিদিয়া বাবে পুৰণি আৱাস গৃহটোৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ কাম স্থবিৰ হৈ পৰে।

দুবছৰ এই কাম বন্ধ হৈ থকাৰ পিছত বিজেপি নেতৃত্বাধীন বৰ্তমানৰ চৰকাৰখনে ২০১৭ চনত পুনৰ কাম আৰম্ভ কৰে। কিন্তু “বহ্নিমান” নামেৰে নামকৰণ কৰা পুৰণি আৱাস গৃহটো সংৰক্ষণ আৰু সংবৰ্ধনৰ কাম এতিয়াও ৰহস্যজনকভাবে অসম্পূৰ্ণ হৈ  আছে। আজিলৈকে ইয়াক পৰ্য্যটকৰ বাবে মুকলি কৰিব পৰা নাই।

ইয়াৰ আঁৰত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণত চলি থকা দুৰ্নীতি আৰু অনিয়মলৈ আঙুলি টোঁৱাইছে একাংশ স্থানীয় বাসিন্দাই।