মাটিৰ নামজাৰিক কেন্দ্ৰ কৰি বোকাখাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি; থানাত গোচৰ

IMG_20211008_095459

ফটো: নৰ্থইষ্ট নাও।

বোকাখাতৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বৃহস্পতিবাৰৰ দিনা মাটিৰ নামজাৰি কৰাক লৈ এক উত্তপ্ত পৰস্থিতিৰ সৃষ্টি হয়।

মিনু দাস নামৰ এগৰাকী মহিলাৰ নামত পিতৃয়ে দি যোৱা দুবিঘা মাটি তেওঁৰ অজ্ঞাতে ভাতৃ অনিল বৰাৰ নামত ২০১২ চনতে নামজাৰি কৰা বুলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযোগ তোলে মিনু দাস নামৰ মহিলা গৰাকীয়ে।

বৃহস্পতিবাৰৰ দিনা এই সন্দৰ্ভত ৰাজহ চক্ৰ বিষয়া কার্যালয়লৈ অহা মিনু দাসৰ কাৰ্যালয়ৰ লাট মণ্ডল জিতেন পেগুৰ লগত বাকবিতণ্ডাৰ সৃষ্টি হয়।

মিনু দাসৰ মতে তেওঁৰ পিতৃয়ে দি যোৱা ২ বিঘা মাটি নামজাৰি কৰাৰ নামত মিছা প্রলোভনেৰে চহী কৰাই মহিলাগৰাকীৰ অজ্ঞাতে লাট মণ্ডলে বেলেগ ব্যক্তিক তেওঁৰ মাটি বিক্ৰী কৰি দিয়ে।

অৱশেষত উক্ত মাটি ফ’ৰ লেন নিৰ্মাণৰ বাবে অধিগ্ৰহণ হোৱাত মাটিৰ ক্ষতিপূৰণ পোৱাৰ পৰাও বঞ্চিত হয় মিনু দাস ৷

অৱশেষত বৃহস্পতিবাৰে মহিলাগৰাকীয়ে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে।

মিনু দাসৰ মতে তেওঁৰ অজ্ঞাতে পৈতৃক সম্পত্তিৰ ভাগৰ ২ বিঘা মাটি তেওঁৰ ভাতৃ অনিল বৰাৰ নামত গোপনে নামজাৰি কৰি ফ’ৰ লেনৰ টকা লাট মণ্ডলে আত্মসাৎ কৰিছে ৷

লাট মণ্ডল জিতেন পেগুৱে মহিলাগৰাকীক ৪ লাখ টকা প্রলোভন দিয়া বুলিও অভিযোগ উত্থাপন কৰিছে মিনু দাসে ৷

বিপৰীতে মিনু দাসে ভাতৃ অনিল বৰাক পৈতৃক ভূমি নামজাৰি হস্তান্তৰ কৰিছিল বুলি লাট মণ্ডল জিতেন পেগুৱে জানিবলৈ দিয়ে।

ঘটনাৰ পিচত বোকাখাতৰ ৰাজহ চক্ৰ বিষয়াই কাৰ্যালয়ত চৰকাৰী ছিঠা বহী, জবানবন্দী ফলা আৰু মণ্ডলক মাৰ-ধৰ কৰাৰ অভিযোগত মিনু দাসৰ বিৰুদ্ধে বোকাখাত থানাত এজাহাৰ দাখিল কৰিছে ৷  

সমান্তৰালভাৱে মিনু দাসেও তেওঁ অপদস্থ কৰা বুলি এজাহাৰ দাখিল কৰে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বোকাখাতৰ মহকুমাধিপতি নেহা যাদৱ কাৰ্যালয়ত উপস্থিত হৈ বিষয়টোৰ বুজ লৈ বিভাগীয় তদন্তৰ বাবে নিৰ্দেশ দিয়ে ৷