আৰিয়ান খান কাণ্ডত মুখথেকেচা খোৱাৰ পাছত এনচিবিৰ কৰ্মীলৈ বিশেষ নিৰ্দেশনা, কি আছে নিৰ্দেশনাত?

বলিউডৰ বাদশ্বাহ শ্বাহৰুখ তনয় আৰিয়ান খান কাণ্ডত মুখথেকেচা খোৱাৰ পাছত এইবাৰ এনচিবিয়ে সংস্থাটোৰ কৰ্মীসকললৈ এক নতুন নিৰ্দেশনা প্ৰদান কৰিছে।

এনচিবিৰ মুৰব্বী এছএন প্ৰধানে প্ৰদান কৰা নিৰ্দেশনাটোত কোৱা হৈছে যে ড্ৰাগছকে ধৰি নাৰ্কটিকসমূহৰ গ্ৰাহকসকল নহয়, বৰঞ্চ এইসমূহ চোৰাংকৈ ব্যৱসায় কৰি অহা নেটৱৰ্কসমূহৰ বিৰুদ্ধেহে ব্যৱস্থা ল’ব লাগে। নেটৱৰ্কসমূহৰ বিৰুদ্ধে থকা কেচসমূহ চোৱাচিতা কৰিবলৈ তেওঁ নিৰ্দেশ দিছে।

তেওঁ কয় যে কোনোবা গ্ৰাহকৰ হাতত অলপ পৰিমাণৰ ড্ৰাগছ লাভ কৰাৰ বিষয়টোত সংস্থাটোৱে সময় খৰচ কৰিব নালাগে। বৰঞ্চ এইসমূহ স্থানীয় আৰক্ষীয়েই চোৱা-চোৱা চিতা কৰিব পাৰে। সেয়ে এইসমূহতকৈ নাৰ্কটিক ড্ৰাগছৰ আন্তৰাষ্ট্ৰীয় নেটৱৰ্কসমূহ জড়িত থকা বৃহৎ বৃহৎ কেচসমূহত সংস্থাটোৰ কৰ্মীসকলে গুৰুত্ব দিব লাগে।

উল্লেখযোগ্য যে শুকুৰবাৰে মুম্বাই ক্ৰুজ জাহাজ ড্ৰাগছ কাণ্ডত সাঙোৰ খাই পৰা শ্বাহৰুখ তনয় আৰিয়ান খানক নিৰ্দোষী ঘোষণা কৰিছিল এনচিবিয়ে। মুম্বাইৰ এখন বিশেষ আদালতত এনচিবিয়ে দাখিল কৰা অভিযোগপত্ৰত আৰিয়ান খানসহ আন পাঁচজন অভিযুক্তক দোষমুক্ত ঘোষণা কৰা হয়।

জাহাজখনত তালাচী চলোৱাৰ সময়ত আৰিয়ানৰ লগত কোনো নিষিদ্ধ দ্ৰব্য উদ্ধাৰ হোৱা নাছিল বুলিও অভিযোগপত্ৰখনত উল্লেখ কৰা হৈছিল। তাৰপাছতে সংস্থাটোৰ মুৰব্বীগৰাকীৰ এই ভাষ্য অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।