কলকাতাৰ বিৰুদ্ধে আই পি এলত পৰাস্ত হোৱাৰ পাছতে ধোনীৰ পাঁচবছৰীয়া কন্যাক ছ’চিয়েল মিডিয়াত ধৰ্ষণৰ ভাবুকি

মহেন্দ্ৰ সিং ধোনী

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ শেহতীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে চেন্নাই চুপাৰ কিংগছ পৰাস্ত হোৱাৰ পাছতে চেন্নাই চুপাৰ কিংগছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ পাঁচবছৰীয়া কন্যাক ছ’চিয়েল মিডিয়াত ধৰ্ষণৰ ভাবুকি দিছে।

ধোনীৰ ইনষ্টাগ্ৰাম একাউণ্টত ধোনীৰ পাঁচবছৰীয়া কন্যাক ধৰ্ষণৰ ভাবুকি প্ৰদান কৰে।

আনহাতে, বহুসংখ্যক লোকে ধোনীৰ ইনষ্টাগ্ৰামত তেওঁ আই পি এলৰ পৰাও অৱসৰ গ্ৰহণ কৰিব লাগে বুলি সমালোচনা কৰে।

”যিসকল লোকে ধৰ্ষণৰ দৰে নিকৃষ্ট ভাবুকি প্ৰদান কৰিছে তেনে লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে তেওঁলোকে এটা শিক্ষা লাভ কৰে,” এগৰাকী সমৰ্থকে ইনষ্টাগ্ৰামত লিখে।

উল্লেখযোগ্য যে, কলতাকা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে শেহতীয়া খেলখনত চেন্নাই চুপাৰ কিংগছ জয়ী হোৱাৰ পথত আগবাঢ়িও অন্তিম সময়ত পৰাস্ত হ’বলগীয়া হৈছিল।

খেলখতন ধোনীয়ো আশাজনক প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হৈছিল।