NORTHEAST NOW (Assamese)

অশালীন মন্তব্য! ড০ গীতাশ্ৰী তামুলীৰ পাছত এইবাৰ মহিলা সাংবাদিককো অপদস্থ বদৰুদ্দিন আজমলৰ

February 24, 2025 6:28 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 24, 2025 4:17 pm

বিধায়ক অখিল গগৈৰ পত্নী ডগীতাশ্ৰী তামুলীক ‘বুঢ়ী’ বুলি কৈ পুনৰ বিতৰ্কত সোমাই পৰিছে প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল। ইটোৰ পিছত সিটো অশালীন মন্তব্য কৰিছে বদৰুদ্দিন আজমলে।

উল্লেখ্য যে ডগীতাশ্ৰী তামুলীক লৈ কৰা এই অপমানসূচক মন্তব্যৰ পিছত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বঙাইগাঁৱত এজাহাৰ দাখিল কৰিছে ৰাইজৰ দলৰ মহিলা শাখা জাতীয় নাৰী বাহিনীৰ সাধাৰণ সম্পাদক মমী ৰায় চৌধুৰীয়ে।

ইয়াৰ উপৰিও আজি শিৱসাগৰ থানাত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে।

উল্লেখ্য যে দেওবাৰে অখিল গগৈৰ পত্নীৰ কথিত নিযুক্তি কেলেংকাৰীৰ বিষয়টোত সংবাদ মাধ্যমক সম্বোধন কৰি বদৰুদ্দিন আজমলে কৈছিল, “অখিল গগৈৰ পত্নী বুঢ়ী, গতিকে এই সন্দৰ্ভত ক’বলগীয়া একো নাই।

লগতে আজমলে কৈছিল যে অখিল গগৈৰ পত্নী বুঢ়ী হৈছে, যুৱতী হোৱা হ’লে কিবা ক’ব পাৰিলোঁহেতেঁন। সেয়ে এতিয়া মোৰ ক’বলগা একো নাই।

ইয়াৰ পিছতে জাতীয় নাৰী বাহিনী আৰু জাতীয় যুৱ বাহিনীয়ে থানাই থানাই বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

কিন্তু সোমবাৰে সংবাদ মাধ্যমৰ আগত পুনৰ অশালীন মন্তব্য কৰে আজমলে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আজমলে এগৰাকী মহিলা সাংবাদিকলৈ আঙুলি টোৱাই বদৰুদ্দিন আজমলৰ মন্তব্য – “অখিল গগৈৰ পত্নী তাইৰ ‎নিচিনা জোৱান নেকি? বুঢ়া কোৱাটো গালি নেকি? মই ভাল ভাবিয়েই কৈছোঁ।”‎

কেৱল এয়াই নহয়, প্ৰশ্ন সোধা মহিলা সাংবাদিকগৰাকীৰ বিৰুদ্ধে গোচৰ দাখিল কৰাৰ হুমকিও দিয়ে বদৰুদ্দিন আজমলে।

লগতে আজমলে কয় – “অখিল গগৈৰ পত্নী ধুনীয়া, মিছ ইণ্ডিয়া। এতিয়া মোৰ ওপৰত দিয়া কেচ উঠাই ল’ব নেকি?‎ অখিল গগৈৰ পত্নীৰ বিষয়ে হিমন্ত বিশ্ব শৰ্মাই এসপ্তাহ ধৰি কৈ আছে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেচ দিয়া নাই। ‎কিন্তু মোৰ বিৰুদ্ধে কেচ দিছে। হিমন্ত বিশ্ব শৰ্মাৰ পৰা অখিল গগৈয়ে পইচা লয় নেকি?‎”

ইয়াৰ পিছতে এতিয়া সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মহিলা সাংবাদিকগৰাকীৰ লগতে ড০ গীতাশ্ৰী তামুলীক ৰাজহুৱাভাবে ক্ষমা খোজাৰ দাবী জনাইছে সচেতন মহলে।

Related News