গিৰিয়েকে লোৱা ঋণৰ সুত ঘূৰাই দিব নোৱাৰাত বিধৱা পত্নীক হত্যাৰ চেষ্টা; এজাহাৰ দাখিল

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট, স্মাৰকপত্ৰ প্ৰদান

মাৰ্ঘেৰিটাত সুতখোৰৰ পৰা গিৰিয়েকে লোৱা ঋণৰ সুত আদায় দিব নোৱাৰাৰ বাবে বিধৱা পত্নী আৰু পুত্ৰই শাৰীৰিক-মানসিক অত্যাচাৰৰ সন্মুখীন হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে।

জানিব পৰা মতে লিডুৰ বি এছ এন এলৰ কৰ্মচাৰী সদানন্দ পালে সাত বছৰৰ পূৰ্বে মাৰ্ঘেৰিটা নিউ কলনী স্থিত আহমেদ খান নামৰ এজন লোকৰ পৰা ১৫ শতাংশকৈ মাহেকত সুত দিয়াৰ বিনিময়ত এক লক্ষ টকা ঋণ লৈছিল।

কিন্তু সদানন্দ পালৰ মৃত্যুৰ পিছত সৰ্বস্বান্ত হৈ পৰা পৰিয়ালটোৱে বিগত তিনিবছৰৰ পৰা সুত আদায় দিব পৰা নাই। ফলত খানে সুত বিচাৰি প্ৰয়াত পালৰ পত্নী-পুত্ৰ তথা পৰিয়ালক মানসিক অত্যাচাৰ চলাই আহিছে।

শেহতীয়াকৈ কালি অৰ্থাৎ ৫ ছেপ্টেম্বৰত আহমেদ খানে পালৰ পত্নীক শাৰীৰিকভাৱে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলোৱা বুলি পালৰ পত্নীয়ে এজাহাৰ দাখিল কৰিছে।

ইতিমধ্যে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪৪৮/ ২৯৪ (এ) ৩৫৪/ ৩২৫/ ৩৪ নম্বৰৰ এটা গোচৰ ৰজু কৰি তদন্ত আৰম্ভ কৰিছে।

চৰকাৰী নিয়ম অনুযায়ী তিনি শতাংশকৈ সুতহে ল’ব পাৰে যদিও আহমেদ খানে বিভিন্ন ব্যক্তিৰ পৰা ১৫ ৰ পৰা ২০ শতাংশকৈ সুত আদায় লৈ আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।

আনহাতে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে নিউ কলনীৰ সমীপত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি সুতৰ বিনিময়ত ঋণ দি সন্ত্ৰাস চলাই অহা সুতখোৰ সকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

পাছত সংগঠনটোৱে দণ্ডাধীশৰ জৰিয়তে মহকুমাধিপতিক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই স্মাৰকপত্ৰ প্ৰদান কৰে।