শলঠেকত মাৰ্কিন ৰাষ্ট্ৰপতি: ডোনাল্ড ট্ৰাম্পৰ টুইটাৰ একাউণ্ট বন্ধ কৰিলে টুইটাৰ কৰ্তৃপক্ষই

TRUMP-750x375

ডোনাল্ড ট্ৰাম্প। ফাইল ফটো।

প্ৰথমে নিৰ্বাচনত পৰাজয়, তাৰপিছত বিশ্বজুৰি ধিক্কাৰৰ পাত্ৰ হোৱা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ দিন যেন অধিক বেয়াৰ ফালে গতি কৰিছে।

সৌসিদিনা ট্ৰাম্পৰ উচটনিমূলক মন্তব্যৰ পিছতে ট্ৰাম্পৰ সমৰ্থকে আক্ৰমণ চলাইছিল ৱাশ্বিংটনৰ কেপিটেল হলত।

টুইটাৰৰ জৰিয়তে ট্ৰাম্পে সমৰ্থকক উত্তেজিত কৰাৰ অভিযোগৰ পিছতে টুইটাৰ কৰ্তৃপক্ষই প্ৰথমে ১২ ঘণ্টাৰ বাবে ট্ৰাম্পৰ টুইটাৰ একাউণ্ট বন্ধ কৰি দিছিল।

ইমানৰ পিছতো পুনৰ ট্ৰাম্পে উচটনিমূলক টুইট অব্যাহত ৰাখিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে আজি টুইটাৰ কৰ্তৃপক্ষই স্থায়ী ভাবে ট্ৰাম্পৰ টুইটাৰ একাউণ্ট বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লয়।

কেৱল সেয়াই নহয়, ট্ৰাম্প টিমৰ টুইটাৰ একাউণ্টো বন্ধ কৰি দিয়াৰ কথা ঘোষণা কৰিছে টুইটাৰ কৰ্তৃপক্ষই।

উল্লেখ্য বুধবাৰে জো বিদেন আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাবে বিজয়ী হোৱা বুলি চূড়ান্ত ঘোষণা হোৱাৰ পিছতে ট্ৰাম্পৰ সমৰ্থকে ৱাশ্বিংটনত ভয়ংকৰ সংঘৰ্ষত লিপ্ত হৈছিল।

এই সংঘৰ্ষত ৪ জন লোকৰ মৃত্যু ঘটিছিল।ইয়াৰ পিছতে ৱাশ্বিংটনত ১৫ দিনৰ জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে।

ডোনাল্ড ট্ৰাম্পে টুইটাৰৰ সহায়ত পুনৰ সমৰ্থকক উত্তেজিত কৰাৰ আশংকা কৰিয়েই তেওঁৰ টুইটাৰ একাউণ্ট স্থায়ী ভাবে বন্ধ কৰি দিয়া বুলি ধাৰণা কৰা হৈছে।

ইপিনে ট্ৰাম্পে এয়া তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছে।