অধিনায়ক বিৰাট কোহলী আৰু ক্ৰিকেটৰ ‘ভগৱান’ৰূপে খ্যাত শচীন তেণ্ডুলকাৰক পিছ পেলাই দেশৰ সবাটোকৈ লোকপ্ৰিয় ব্যক্তিৰ তালিকাত দ্বিতীয় স্থান দখল কৰিছে প্ৰাক্তন অধিনায়ক তথা অনুভৱী উইকেটৰক্ষক বেটছমেন মহেন্দ্ৰ সিং ধোনীয়ে।
YouGov নামৰ এটা প্ৰতিষ্ঠানে চলোৱা সমীক্ষা অনুসৰি দেশৰ জনপ্ৰিয় তথা লোকপ্ৰিয় লোকৰ তালিকাত শীৰ্ষ স্থানত আছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু মোদীৰ পিছতে তালিকাৰ দ্বিতীয় স্থানত আছে দুবাৰৰ বিশ্ব বিজয়ী অধিনায়ক ধোনী।
উল্লেখ্য যে ৪১খন দেশৰ ৪২ হাজাৰ লোকৰ মাজত চলোৱা হৈছিল এই বিশেষ সমীক্ষাটো।
ইফালে দেশৰ সৰ্বাধিক প্ৰশংসনীয় মহিলাৰ তালিকাত প্ৰথম স্থান অধিকাৰ কৰিছে ছবাৰৰ বিশ্ব চেম্পিয়ন মহিলা বক্সাৰ এম চি মেৰীকম।
সমীক্ষা অনুসৰি প্ৰধান মোদীৰ ৰেটিং হৈছে ১৫.৬৬ শতাংশ আৰু ধোনীৰ ৮.৫৮ শতাংশ। এই তালিকাত ৮.০২ শতাংশৰে তৃতীয় স্থানত ৰতন টাটা, ৭.৩৬ শতাংশৰে চতুৰ্থ স্থানত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা আৰু পঞ্চম স্থানত ৬.৯৬ শতাংশৰে আছে বিল গেটছ।
আনহাতে এই তালিকাৰ ষষ্ঠ স্থানত শচীন (৫.৮১শতাংশ) আৰু সপ্তম স্থানত আছে কোহলী (৪.৪৬)। তদুপৰি ভাৰতৰ সৰ্বাধিক প্ৰশংসনীয় মহিলাৰ তালিকাত শীৰ্ষ স্থানত থকা মেৰীকমে ১০.৩৬ শতাংশৰে বিশ্বৰ ২৫ নম্বৰ স্থানত আছে।