সুৰাপায়ী যুৱকৰ গাড়ীৰ খুন্দাত আহত সাতজন পথচাৰী; চিকিৎসালয়ত তিনিমহীয়া কেঁচুৱা!

মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক শোকাবহ দুৰ্ঘটনা৷এজন সুৰাপায়ী যুৱকেনিয়ন্ত্ৰণহীন ভাৱে গাড়ী চলাই জনবসতিপূৰ্ণ এলেকাৰ মাজেৰে পাৰ হৈ যাওঁতে বহুকেইজন পথচাৰীক খুন্দা মাৰে। জানিব পৰা মতে, এই ঘটনাত ৭ জন লোক আহত হৈছে। ইয়াৰ ভিতৰত আছে এটি তিনিমহীয়া কেঁচুৱা। আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত যুৱকজনক।

পুনেৰ পৰ্ছে গাড়ী কাণ্ড বিভীষিকা এতিয়াও শেষ হোৱা নাই তাৰ মাজতে মহাৰাষ্ট্ৰত পুনৰ সংঘটিত হয় এই পথ দুৰ্ঘটনা। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, নিশা প্ৰায় ৮ বজাত জেণ্ডা মহল এলেকাত সংঘটিত হয় এই দুৰ্ঘটনা। অভিযোগ অনুসৰি অভিযুক্তই মদ্যপান কৰি গাড়ী চলাইছিল। জব্দ কৰা গাড়ীখনৰ পৰা উদ্ধাৰ হৈছে সুৰাৰ বটল। আৰক্ষীৰ সূত্ৰ অনুসৰি গাঁজাও উদ্ধাৰ কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে গাড়ীখনত তিনিজন লোক আছিল। সকলোৰে বয়স ২০ বছৰ। চালককে ধৰি তিনিওজন লোকে মদ্যপান কৰি আহিছিল। জনবসতিপূৰ্ণ অঞ্চলৰ মাজেৰে গাড়ী চলাই গৈ থাকোঁতে তেওঁ নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে পথচাৰীক খুন্দা মাৰে। ভুলটো উপলব্ধি কৰি তেওঁ গাড়ীৰ সৈতে পলায়ন কৰাৰ সময়তে বাইকত খুন্দা মাৰিলে। ইয়াৰ পাছতে তিনিওজন অভিযুক্তই গাড়ী এৰি পলায়ন কৰিবলৈ চেষ্টা কৰে। কিন্তু স্থানীয় লোকে তিনিওকে কৰায়ত্ত কৰে।

ইয়াৰ পাছতে স্থানীয় ৰাইজে অভিযুক্তক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। ৰাইজৰ পৰা উদ্ধাৰ কৰি থানালৈ লৈ যোৱা হয় অভিযুক্তক। ইয়াৰ পাছত তেওঁলোকক জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয়। এই ঘটনাত এগৰাকী মহিলা আৰু এজন পুৰুষ গুৰুতৰভাৱে আহত হয়। ইয়াৰ উপৰিও শিশুটি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়তো ভৰ্তি হৈ আছে। বাকীসকল সামান্যভাৱে আহত হয়। চিকিৎসা কৰি সকলোকে মুকলি কৰি দিয়া হয়।