• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাম মন্দিৰ উদ্বোধনৰ পিছতে হ’ব পাৰে আন এক গোধৰা কাণ্ড! আশংকা থাকৰেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2023 12:17 pm
Ram mandir
293
VIEWS
Share on FacebookShare on Twitter

আগন্তুক ২৪ ৰ আৰম্ভণিতে মুকলি হ’ব পাৰে অযোধ্যাৰ ৰামমন্দিৰ। যোৱা তিনিটা দশক ধৰি দেশৰ ৰাজনীতিত এক চৰ্চাৰ বিষয় হৈ অহা ৰামমন্দিৰৰ উদ্বোধনীৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ সাৱধানবাণী শুনাইছে শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেই।

থাকেৰৰ আশংকা, ৰাম মন্দিৰ উদ্বোধনৰ বাবে সমগ্ৰ দেশৰ পৰা বহু লোক উত্তৰ প্ৰদেশৰ অযোধ্যাত একত্ৰিত হ’ব আৰু এই লোকসকলৰ প্ৰত্যাৱৰ্তন যাত্ৰাৰ সময়ত গোধৰাৰ দৰে আন এক হিংসাত্মক কাণ্ড সংঘটিত হ’ব পাৰে।

এক অনুষ্ঠানত বক্তব্য ৰাখি থাকৰে কয় যে ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ বাবে চৰকাৰে বাছ আৰু ট্ৰাকত বৃহৎ সংখ্যক লোকক নিমন্ত্ৰণ কৰাৰ সম্ভাৱনা আছে আৰু তেওঁলোকৰ উভতনি অহাৰ সময়ত গোধৰাৰ দৰেই এক কাণ্ড সংঘটিত হ’ব পাৰে।

উল্লেখ্য যে, ২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত অযোধ্যাৰ পৰা সবৰমতী এক্সপ্ৰেছত উভতনি যাত্ৰা কৰা কৰ সেৱকক গুজৰাটৰ গোধৰা ষ্টেচনত আক্ৰমণ কৰাৰ পিছতে সৃষ্টি হৈছিল দেশৰ ৰাজনীতিৰ এক ক’লা অধ্যায় গোধৰা কাণ্ড।

গোধৰা কাণ্ডৰ দৰে এই ভয়াৱহ সংঘৰ্ষৰ উৎপত্তিৰ আঁৰৰ এনে পৰিস্থিতিৰ কথা সোঁৱৰাই উদ্ধৱ থাকৰেই কৰা এই সাৱধানবাণী যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে। ইফালে এই অনুষ্ঠানতে থাকৰেই বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘকো তীব্ৰ সমালোচনা কৰে।

থাকৰেৰ মতে, বিজেপি আৰু আৰ এছ এছৰ ওচৰত আদৰ্শ হিচাপে ল’ব পৰা আইকন নাই আৰু সেয়ে তেওঁলোকে চৰ্দাৰ পেটেল আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ দৰে কিংবদন্তিক নিজা আদৰ্শত অন্তৰ্ভুক্ত কৰি লৈছে।

বিজেপি-আৰএছএছে এতিয়া উদ্ধৱ থাকৰেৰ পিতৃ বাল থাকৰেৰ উত্তৰাধিকাৰৰ ওপৰতো দাবী উত্থাপন কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ কৰে তেওঁ।

Recent News

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd