NORTHEAST NOW (Assamese)

NRC-ত নাম নাথাকিলেও ডিটেনশ্যন কেম্পলৈ পঠাব নোৱাৰিব শিশুক, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

January 6, 2020 7:25 pm · এন ই নাও নিউজ
ডিটেনশ্যন কেম্প

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আজি হোৱা এক শুনানিৰ অন্তত ন্যায়ালয়ে যিসকল শিশুৰ এন আৰ চিত নাম অন্তৰ্ভূক্ত হোৱা নাই কিন্তু পিতৃ-মাতৃৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত হৈছে সেইসকল শিশুক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ নকৰিবলৈ নিৰ্দেশ দিয়ে।

উচ্চতম ন্যায়ালয়ৰ পাছতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ হৈ এটৰ্ণী জেনেৰেল কে কে বেণুগোপাল আৰু চলিছিটৰ জেনেৰেল তুষাৰ মেহতাই সৰ্বোচ্চ ন্যায়ালয়ক পিতৃ-মাতৃৰ নাম সন্নিবিষ্ট হোৱা শিশুসকলক পৰিয়ালৰ পৰা পৃথক কৰি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা নহয় বুলি কয়।

পিতৃ-মাতৃৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভূক্ত হোৱাৰ পাছতো ৬০ টা শিশুৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত নহোৱা সন্দৰ্ভত দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবডেৰে গঠিত তিনিজনীয়া বিচাৰপীঠে এই নিৰ্দেশ দিয়ে।

আনহাতে, উচ্চতম ন্যায়ালয়ে এই সম্পৰ্কত চৰকাৰৰ পৰা চাৰি সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰে।

Related News