• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তিনি সপ্তাহ ধৰা উৎকণ্ঠাৰ অন্ত; জাগুনৰ চাঞ্চল্যকৰ অপহৃত বৈকুণ্ঠ সন্দিকৈক ২৩ দিনৰ অন্তত মুক্তি

বৃহৎ অংকৰ ধনৰ বিনিময়ত মুক্তি দিয়াৰ সন্দেহ স্থানীয় সচেতন মহলৰ

মানস প্ৰতীম গগৈ by মানস প্ৰতীম গগৈ
March 5, 2020 6:43 am
IMG_20200304_191605
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাগুন ক্ৰেৰ্চাৰ মিলৰ কৰ্মচাৰী বৈকুণ্ঠৰ সন্দিকৈৰ চাঞ্চল্যলকৰ অপহৰণকাণ্ডৰ আজি ২৩ দিনৰ অন্তত অপহৰণকাৰীয়ে মুক্তি দিয়ে৷

তীব্ৰ উৎকণ্ঠিত হৈ থকা পৰিয়ালবৰ্গ এইক্ষেত্ৰত স্বস্তিৰ নিশ্বাস পেলাইছে৷

যোৱা ১১ ফেব্ৰুৱাৰীতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুন আৰক্ষী চকীৰ  অন্তৰ্গত দহ মাইল পাৰ্বতিপুৰৰ  নিবাসী তৰুণ সন্দিকৈৰ জ্যেষ্ঠ পুত্ৰ বৈকুণ্ঠ সন্দিকৈক(৩২)অসম অৰুণাচল প্ৰদেশ সীমান্ত এলেকা খামডু বস্তিৰ পৰা দিনৰ  ভাগত এটা অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত উগ্ৰপন্থী দলে কৰ্মস্থলীৰ পৰা অপহৰণ কৰি লৈ যোৱাৰ সুদীৰ্ঘ ২৩ দিনৰ মূৰত অপহৰণকাৰীয়ে আজি পুৱা ভাগত  মুকলি কৰি দিয়ে৷

অপহৃত  বৈকুণ্ঠ সন্দিকৈ  ডিগবৈ বিৰ্তকিত ব্যৱসায়ী ৰাজু খানৰ জাগুনস্থিত পাথৰ ক্ৰেচাৰ মেচিনত দহ বছৰতকৈ অধিক সময় ধৰি মহৰী হিচাপে কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে৷

বৈকুণ্ঠ সন্দিকৈক মুকলিৰ দাবীত পৰিয়ালৰ লগতে স্থানীয় পুৰুষ মহিলাই জাগুনত পথ অৱৰোধ কাৰ্যসূচীৰ লগতে ২৮ ফেব্ৰুৱাৰীত শতাধিক পুৰুষ মহিলাই শিলৰ কুঁৱৰীৰ মালিক ৰাজু খানৰ ডিগবৈস্থিত বাসগৃহত উপস্থিত হৈ ঘৰ ঘেৰাও কৰাৰ লগতে বৈকুণ্ঠ সন্দিকৈক বিনাচৰ্তে মুকলি কৰি দিবলৈ আহবান জনাইছিল৷

অপহৃত বৈকুণ্ঠক উদ্ধাৰৰ বাবে সেনা  আৰক্ষীয়ে সমগ্ৰ অঞ্চলত ব্যাপক তালাচী অভিযান অব্যাহত থকাৰ সময়তে আজি পুৱা ৮ মান বজাত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ লুংৰি গাঁৱৰ সমীপৰ এক দুৰ্গম অৰণ্যত  বৈকুণ্ঠ সন্দিকৈক অপহৰণকাৰীসকলে মুকলি কৰি দি কয় যে ২ ঘণ্টাৰ পাছত পৰিয়াল বা আৰক্ষীক ফোন যোগে যোগাযোগ কৰিবলৈ৷

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি বৈকুণ্ঠক সুশৰীৰে অপহৰণকাৰীৰ দলটোৱে মুকলি কৰি আঁতৰি যায়৷

অপহৰণকাৰী দলটোৱে মোকলাই দিয়াৰ পিছতেই বৈকুণ্ঠই স্থানীয় আৰক্ষীৰ সৈতে যোগাযোগ কৰাত লেখাপানী আৰক্ষী, জাগুন আৰক্ষী আৰু অৰুণাচল আৰক্ষী উপস্থিত হৈ বৈকুণ্ঠক উদ্ধাৰ কৰি লেখাপানী আৰক্ষী থানাত দিনৰ প্ৰায় ১২.৪৫ বজাত হাজিৰ কৰায়৷

ইয়াৰ পাছতেই বৈকুণ্ঠৰ পৰা অধিক তথ্য আহৰণৰ বাবে সেনা আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখি সন্ধ্য ৭ বজাত জাগুনস্থিত ঘৰলৈ যাবলৈ দিয়ে।

ইপিনে বৈকুণ্ঠক মুকলি কৰি দিয়াৰ আঁৰত এক বৃহৎ অংকৰৰ ধনৰ লেনদেন হোৱাৰ  কথা নুই কৰিব নোৱাৰি৷

উল্লেখ্য যে, কোনো উগ্ৰপন্থী সংগঠনে এই অপহৰণকাণ্ডৰ আনুষ্ঠানিক স্বীকাৰ নকৰালৈ চাই নিজৰ ব্যক্তিগত আখেজ পুৰণৰ বাবেও কোনো দুস্কৃতিকাৰীয়ে এনে কৰিছে নেকি বুলি প্ৰশ্ন অৱতাৰণা হৈছে। উল্লেখ্য যে, জাগুন অঞ্চলত  এইটো হৈছে পঞ্চমটো অপহৰণ  কাণ্ড৷

ইয়াৰ পূৰ্বে আলফা স্বাধীনে জাগুণৰ পৰা অৰুণাভ ফুকন, দীননাথ উৰফে গোপাল উপাধ্যায় আৰু পবিত্ৰ গগৈ, অপূৰ্ব কাকতিক আলফা স্বাধীনে অপহৰণ কৰিছিল।

বিভিন্ন মহলে এই অপহৰণকাণ্ডত আলফা স্বাধীন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে যদিও বৰ্তমানলৈকে  আলফা স্বাধীনেও বৈকুণ্ঠৰ অপহৰণৰ দ্বায়িত্ব স্বীকাৰ কৰা নাই৷

অন্যহাতে আকৌ এচাম লোকে ধন দাবীৰ বাবে এই অপহৰণ কাণ্ড সংঘটিত হয় বুলি সন্দেহ প্ৰকাশ কৰে৷

যিহেতু প্ৰতিটো অপহৰণকাণ্ডৰ পিছত প্ৰতিষ্ঠিত শিলৰ ক্ৰেচাৰ মেচিনৰ  স্বত্বাধিকাৰী সকলক আলফা স্বাধীনে লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে বুলি সচেতন মহলৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে৷

এক সূত্ৰত দাবী কৰা অনুসৰি বিৰ্তকিত ব্যৱসায়ী ৰাজু খানক প্ৰায় ১ কোটি টকাৰো অধিক দাবী কৰিছিল অপহৰণকাৰীয়ে৷শেষ মুহূৰ্ত্বত প্ৰায় ৫০ লাখ টকাৰ বিনিমিয়ত বৈকুণ্ঠক অপহৰণকাৰীয়ে মুক্তি দিলে বুলি সূত্ৰটোৱে সন্দেহ প্ৰকাশ কৰিছে যদিও আৰক্ষীৰ পৰা অনুষ্ঠানিক বক্তব্য এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই৷

অন্যহাতে আজি লেখাপানী আৰক্ষীয়ে সংবাদমাধ্যমক কোনো কথা আনুষ্ঠানিক ভাৱে জানিবলৈ দিয়া নাই তথা বৈকুণ্ঠকো সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখিবলৈ সুযোগ দিয়া নাই৷

অন্যহাতে বিৰ্তকিত শিল ব্যৱসায়ী ৰাজু খানেও সংবাদ মাধ্যমৰ আগত এই বিষয়ে একো কথা উল্লেখ কৰা নাই।

আজি সন্ধ্য প্ৰায় ৭ বজাত জাগুনস্থিত বাসগৃহত বৈকুণ্ঠ সন্দিকৈ উপস্থিত হোৱাত যথেষ্ট আৱেগিক পৰিৱেশৰ সৃষ্টি হয়। বৈকুণ্ঠৰ অপহৃত হোৱাৰ পাছত বৈকুণ্ঠৰ মাতৃ শাৰীৰিকভাৱে অসুস্থ হৈ চিকিৎসালয়ত চিকিৎসাধীন হ’ব লগা হৈছিল।

মানস প্ৰতীম গগৈ

মানস প্ৰতীম গগৈ

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd