আমিনগাঁৱত জীৱন বীমা এজেণ্টৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি চাঞ্চল্য

বেংক বিষয়া জুনু শৰ্মাৰ হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ আমিনগাঁৱত সংঘটিত হ’ল এজন বীমা এজেণ্টৰ ৰহস্যজনক মৃত্যুৰ ঘটনা। আমিনগাঁৱৰ লাচিতপুৰত সংঘটিত হৈছে এই ঘটনাটো।

দেওবাৰে পুৱা অঞ্চলটোৰ তৰুণ দাস নামৰ এজন প্ৰায় ৪৬ বছৰীয়া লোকৰ মৃতদেহ উদ্ধাৰ হয়। জীৱন বীমা নিগমৰ এজন এজেণ্ট হিচাপে কাম কৰা লোকজনৰ মৃতদেহ নিজৰ ঘৰৰ শোৱাপাটীতে হৈছে।

জানিব পৰা মতে পুৱা বহু দেৰিলৈ বিছনাৰ পৰা উঠি নহা দেখি তৰুণ দাসৰ পত্নীয়ে জগাবলৈ গৈ তেওঁক মৃত অৱস্থাত দেখা পায়। ইয়াৰ পাছতেই পৰিয়ালটোত হুৱা-দুৱা লাগে।

ইপিনে, লোকজনৰ মৃতদেহৰ কাষতেই এযোৰ হাতমোজা উদ্ধাৰ হোৱা ঘটনাই ই এক হত্যাকাণ্ড বুলি সন্দেহৰ সৃষ্টি কৰিছে। দুবৃত্তই হাতমোজা পিন্ধি তেওঁৰ ডিঙি চেপি হত্যা কৰা বুলি একাংশই আশংকা প্ৰকাশ কৰিছে।

অৱশ্যে, এয়া হত্যাকাণ্ড হয় নে নহয় সেয়া স্পষ্টকৈ কোৱা নাই উত্তৰ গুৱাহাটী আৰক্ষীয়ে। লগতে কি কাৰণত কোনে লোকজনক হত্যা কৰিব পাৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

উল্লেখযোগে যে, আজিৰ পৰা দুমাহ পূৰ্বে যোৱা ১০ অক্টোবৰৰ দিনা উত্তৰ গুৱাহাটীৰ সমীপৰ দদৰাৰ ভাৰতীয় ষ্টেট বেংকৰ বিষয়া জুনু শৰ্মাক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল বেংকৰ ঋণ দালালে। এই ঘটনা সন্দৰ্ভত এগৰাকী যুৱতী আৰু এজন ছালফা সদস্যকে ধৰি কেইবাজনো লোকক আৰক্ষীয়ে গ্ৰপ্তাৰ কৰি জেইলত ৰাখিছে।

জুনু শৰ্মাৰ হত্যাকাণ্ডৰ ঠিক দুমাহৰ পাছতেই এইবাৰ বীমা এজেণ্ট তৰুণ দাসৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।