ৰাজ্যত পুনৰ সাংবাদিক হত্যাৰ ঘটনা; তিনিচুকীয়াৰ ৱেব পৰ্টেলৰ কাৰ্য্যালয়ত উদ্ধাৰ মৃতদেহ

‘ৰাজ্যত দিনকদিনে বৃদ্ধি পাই অহা সাংবাদিক নিৰ্যাতন আৰু হত্যাকাণ্ডই এক অশুভ সংকেত কঢ়িয়াই আনিছে’ আপকু

Bijen Dwip Final

ৰাজ্যত পুনৰ সাংবাদিক হত্যাৰ ঘটনা সংঘটিত হৈছে।

তিনিচুকীয়া জিলাৰ ন-পুখুৰী জ্যোতিনগৰস্থিত কাৰ্যালয়ত সাংবাদিকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। সাংবাদিকজন বিজেন দ্বীপ বুলি চিনাক্ত কৰা হৈছে।

‘দিন প্ৰতিদিন নৰ্থ- ইষ্ট’ নামৰ নিউজ প’ৰ্টেলটোৰ কাৰ্যালয়টোতে অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছে বিজেনৰ মৃতদেহ।

মৃতদেহটোৰ দেহৰ কেইবাটাও স্থানত আঘাতৰ চিন স্পষ্ট হৈ আছে। বিশেষকৈ মুখ মণ্ডলত গুৰুতৰ আঘাতৰ চিন স্পষ্ট।

‘‘দিন প্ৰতিদিন নৰ্থ- ইষ্ট’ প’ৰ্টেলটোৰ লগতে নিউজ টাইম, আসামৰ তিনিচুকীয়াৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল বিজেন দ্বীপ।

ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ইতমিধ্যে তদন্ত আৰম্ভ কৰিছে।

ইপিনে, এই ঘটনাৰ পাছতে শোকত মৰ্মাহত হৈ পৰিছে আসাম প্ৰেছ ক’ৰেছপ’ণ্ডেণ্টছ ইউনিয়ন, (আপকু)ৰ তিনিচুকীয়া জিলা সমিতিৰ সকলো সদস্য।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত সাংবাদিক সংগঠনটোৰ নেতৃত্বই লিখি কয় ‘ৰাজ্যখনত দিনকদিনে বৃদ্ধি পাই অহা সাংবাদিক নিৰ্যাতন আৰু হত্যাকাণ্ডই এক অশুভ সংকেত কঢ়িয়াই আনিছে। বিজেন দ্বীপৰ নৃশংস হত্যাকাণ্ডই হওক শেষৰটো সাংবাদিক হত্যাৰ ঘটনা।‘

সংগঠনটোৰ দাবী- সংশ্লিষ্ট কৰ্তৃপক্ষই সাংবাদিক হত্যাৰ দৰে ঘৃণনীয়, বৰ্বৰোচিত তথা বেদনাদায়ক ঘটনাটোৰ ক্ষীপ্ৰ তদন্ত চলাই ঘটনাৰে জড়িত পক্ষটোক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি নিদৰ্শনমূলক শাস্তি বিহাৰ ব্যৱস্থা কৰক।‘

সংগঠনটোৱে লগতে সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈকো অসম চৰকাৰৰ প্ৰতি আহ্বান জনায়।

লগতে  অসমত কাঠফুলাৰ দৰে বৃদ্ধি পাবলৈ ধৰা নীতি বহিৰ্ভূত নিউজ প’ৰ্টেলসমূহৰ ওপৰত নাকী লগাবলৈকো অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছে সাংবাদিক সংগঠনটোৱে।

‘সম্প্ৰতি অসমত প্ৰতিষ্ঠিত সংবাদ গোষ্ঠীসমূহৰ প্ৰতিনিধিতকৈও এখোপ ওপৰত থাকি অখ্যাত আৰু পঞ্জীয়নবিহীন প’ৰ্টেলৰ সাংবাদিক নামধাৰী একাংশই হকে- বিহকে সংবাদৰ নামত বিষবাস্প বিয়পাই সাংবাদিকতাৰ ক্ষেত্ৰখনৰ লগতে বৃত্তিটোকেই কলুষিত কৰি পেলোৱা দেখা গৈছে। এই ক্ষেত্ৰত সুনিৰ্দিষ্ট নীতি নিৰ্ধাৰণ কৰি ভুৱা সাংবাদিকৰ অতপালি ৰাজ্য চৰকাৰে নিয়ন্ত্ৰণ কৰিব লাগে।‘ বিজ্ঞপ্তিত উল্লেখ।