আজি বিশ্ব পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙাৰ অগৰাতলি বনাঞ্চল

ফটো : নৰ্থ-ইষ্ট নাও

আজি পুৱা বিশ্বৰ পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পুৱ দুৱাৰ অগৰাতলি বনাঞ্চল।

যোৱা ২১ অক্টোবৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ মুকলি কৰিছিল যদিও প্ৰতিকূল পৰিস্থিতিত পৰ্যটকৰ বাবে মুকলি কৰিব পৰা হোৱা নাছিল অগৰাতলি বনাঞ্চল।

আজি পুৱা অগৰাতলি বনাঞ্চলৰ প্ৰৱেশদ্বাৰত আয়োজিত এক বিশেষ অনুষ্ঠানত বন্তি প্ৰজ্বলন, নাৰিকল ভঙা আৰু ফিটা কাটি বনাঞ্চল মুকলি কৰা হয়।

অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, উপ বন সংৰক্ষক প্ৰদীপ বাৰ্মা, খৰ্গৰাম ডেকা ৰজা, সহকাৰী বন সংৰক্ষক পেৰিয়াৰ সুদন আৰু ঋতুপৱন বৰা, অগৰাতলি জীপ চাফাৰী সন্থাৰ সভাপতি অনিমেষ শইকীয়া, অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া, বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাৰ লগতে বনকৰ্মী, স্থানীয় লোক আৰু জীপ চাফাৰী সন্থাৰ সদস্য সকল উপস্থিত থাকে।

অনুষ্ঠানত নাৰিকল ভাঙে অনিমেশ শইকীয়াই। বন্তি প্ৰজ্বলন কৰে অগৰাতলিৰ সদ্য অৱসৰ প্ৰাপ্ত বনাঞ্চলিক বিষয়া ধৰণী বৰাই।

বনাঞ্চলত কৰ্মৰত চাৰি গৰাকী অস্থায়ী বন কৰ্মী ক্ৰমে বলীন বৰা, সোনমন নাথ, দুলাল বৰাৰ লগতে আন বহুতৰ উপস্থিতিত প্ৰৱেশ দ্বাৰৰ ফিটা কাটি পৰ্যটকৰ বাবে বনাঞ্চলখন মুকলি কৰে।

গীতাঞ্জলি কলিতাই আঁত ধৰা অনুষ্ঠানত ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে আদৰণি ভাষণ দিয়াৰ উপৰি সঞ্চালক পি শিৱকুমাৰে মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰি সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

বিশিষ্ট অতিথি সকলৰ উপৰি অগৰতলি বনাঞ্চলত কৰ্মৰত চাৰি গৰাকী অস্থায়ী বনকৰ্মীক বন্যপ্ৰাণী সপ্তাহৰ কেন্দ্ৰীয় অনুষ্ঠানত পুৰস্কৃত হোৱাৰ বাবে ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয়।