লোকসভাত এম ডি এৰ তুৰা সমষ্টিৰ প্ৰাৰ্থী হ’ব আগাথা চাংমা

Agatha-Sangma-Images-6-700x584

আগাথা চাংমাৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

সোমবাৰে এন পি পি নেতৃত্বাধীন মেঘালয় গণতান্ত্ৰিক মৰ্চা চমুকৈ এম ডি এৰ এখন বৈঠকত আগন্তুক লোকসভা নিৰ্বাচনত  তুৰা সমষ্টিৰ পৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আগাথা চাংমা আৰু শ্বিলং সমষ্টিৰ পৰা য়ু ডি পিৰ প্ৰাৰ্থী জেমিঅ’ মাওথক সৰ্বসন্মতিক্ৰমে প্ৰাৰ্থিত্ব দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই সাংবাদিকৰ আগত এম ডি এৰ সহযোগী দলসমূহে সৰ্বসন্মতিক্ৰমে প্ৰাৰ্থী দুজনক বাচনি কৰে বুলি উল্লেখ কৰে। বৈঠকত শ্বিলং সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলগা মাওথ মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব যদিও প্ৰাৰ্থীজনে য়ু ডি পিৰ প্ৰতীক চিহ্ন গ্ৰহণ কৰিব।

আনহাতে, তুৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া আগাথা চাংমাই নিৰ্বাচনত এন পি পিৰ দলীয় প্ৰতীক চিহ্ন ব্যৱহাৰ কৰিব। য়ু ডি পিৰ সভাপতি আৰু বিধানসভাৰ অধ্যক্ষ ডনকুপাৰ ৰয়ে দুয়োটা সংসদীয় সমষ্টিতে এম ডি এৰ প্ৰাৰ্থী দুজন বিজয়ী হ’ব বুলি মত প্ৰকাশ কৰে।

এন পি পিৰ সভাপতি ৱানৱেই ৰয় খাৰলুখিয়ে দুয়োটা সমষ্টিত এম ডি এৰ প্ৰাৰ্থী দুজন জয়ী হৈ মেঘালয়ৰ ৰাজনীতিৰ পৰা কংগ্ৰেছক উৎখাত কৰিব বুলিও মন্তব্য কৰে। মেঘালয়ত বিজেপি এম ডি এ চৰকাৰৰ অংশীদাৰ হৈ আছে যদিও লোকসভা নিৰ্বাচনত বিজেপিয়ে শ্বিলং আৰু তুৰা দুয়োটা সমষ্টিত অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয়।

উল্লেখযোগ্য যে, য়ু পি এ চৰকাৰৰ দিনত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰা আগাথা চাংমাই বিগত বৰ্ষত দক্ষিণ তুৰা সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল কিন্তু ভায়েক কনৰাড চাংমাৰ কাৰণে আগাথাই বিধায়ক পদৰ পৰা পদত্যাগ কৰে।