পুৰুষৰ বিবাহযোগ্য বয়স ১৮ বছৰ কৰিব মোদী চৰকাৰে; বাল্য বিবাহ প্ৰতিৰোধ আইন সংশোধনৰ পদক্ষেপ

Now-boys-will-be-eligible-to-marry-at-18-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

‘২০০৬ৰ বাল্যবিবাহ প্ৰতিৰোধ আইন’ সংশোধনৰ জৰিয়তে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে পুৰুষৰ বিয়াৰ ন্যুনতম বয়স ২১ বছৰৰ পৰিৱৰ্তে ১৮ বছৰলৈ হ্ৰাস কৰাৰ চিন্তা চৰ্চা কৰিছে।

যোৱা ১৮ অক্টোবৰত ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ কেন্দ্ৰীয় মন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত এই সম্বন্ধে বিস্তৃত ৰূপত আলোচনা কৰে। চৰকাৰী সূত্ৰৰ উদ্ধৃতিৰে নিউজ প’ৰ্টেল ‘দ্যা প্ৰিণ্ট’এ এই বাতৰি প্ৰকাশ কৰিছে।

উক্ত বৈঠকতে আন এক প্ৰস্তাব সন্দৰ্ভত আলোচনা কৰা হয় য’ত বাল্য বিবাহক বেআইনী হিচাপে ঘোষণা কৰা।

বৰ্তমানৰ আইন অনুসৰি বাল্য বিবাহ বেআইনী, কিন্তু উপযুক্ত সময় হ’লে তেওঁলোকৰ সেই বিবাহক মান্যতা প্ৰদানৰো ব্যৱস্থা আছে।

যদিহে কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰস্তাব অনুমোদিত হয় তেন্তে ল’ৰা-ছোৱালীৰ সন্মতি থাকিলেও ভাৰতত বাল্য বিবাহ অবৈধ বুলি গণ্য কৰা হ’ব।

প্ৰস্তাৱটোত কোৱা হৈছে, বাল্য বিবাহ প্ৰতিৰোধ আইনৰ ধাৰা ৩-ক সংশোধন কৰা হ’ব, যিটোৱে বাল্য বিবাহত আবদ্ধ যিকোনো এটা পক্ষ নাবালক বা নাবালিকা হোৱা চৰ্তত বিবাহ বেআইনী বুলি কৈছে।

এই ধাৰা মতে, আৰ্জি দাখিল কৰা নাবালক বা নাবালিকাগৰাকীয়ে সাবালকত্বত উপনীত হোৱাৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই আৰ্জি দাখিল কৰিব লাগে।

এই সংশোধনে কোনো বাল্য বিবাহক সম্ভাব্য প্ৰভাৱৰ সৈতে প্ৰথমৰ পৰাই বে-আইনী হিচাপে গণ্য কৰিব।