Agnipath scheme row: ‘অগ্নিপথ’-য়ে জ্বলাইছে দেশ! ৰাজ্যই ৰাজ্যই ৰে’লত জুই প্ৰতিবাদকাৰীৰ; কেইবাখনো ৰে’লৰ সেৱা বাতিল
সমগ্ৰ দেশতে ‘অগ্নিপথ’ৰ বিৰূপ প্ৰভাৱ পৰিছে। বিহাৰৰ সমষ্টিপুৰৰ পিছত প্ৰতিবাদকাৰীসকলে উত্তৰ প্ৰদেশৰ বালিয়া ষ্টেচন আৰু তেলেংগানাৰ ছেকেন্দ্ৰাবাদ ষ্টেচনত ৰে’ল জ্বলাই দিয়ে। ৰে’ল ষ্টেচন, ৰে’লৰ খিৰিকী ভাঙি পেলোৱা হৈছে। আৰক্ষীয়েও লাঠীচালনা কৰে। আৰক্ষী আৰু ৰে’লৰক্ষীয়ে পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিছে। জ্বলি উঠা দবাবোৰ আঁতৰাই নিয়া হৈছে।
প্ৰতিবাদকাৰীসকলে কেৱল ৰে’ল ষ্টেচন আক্ৰমণ কৰা বা পথ অৱৰোধ কৰাই নহয়, বিহাৰৰ উপ মুখ্যমন্ত্ৰীৰ ঘৰত আক্ৰমণ কৰাৰো অভিযোগ উঠিছে। বিহাৰৰ বেতিয়াত উপ মুখ্যমন্ত্ৰী ৰেণু দেৱীৰ ঘৰত আক্ৰমণ কৰাৰ অভিযোগ কৰা হৈছে।
অগ্নিপথৰ প্ৰতিবাদৰ বাবে ৰে’ল চলাচল ব্যাহত হৈ পৰিছে। হাওৰা-শিয়ালদাহৰ পৰা যাত্ৰা কৰা আঠখন ৰে’ল ৰাস্তাৰ মাজত আবদ্ধ হৈ আছে। পূৰ্বা, দুন, শিয়ালদাহ-নতুন দিল্লী দূৰন্ত এক্সপ্ৰেছ, হাওৰা-মুম্বাই চিএছটিএম, হাওৰা-অমৃতসৰ মেইল বিভিন্ন স্থানত আৱদ্ধ হৈ আছে।
তদুপৰি হাওৰা-ধানবাদ ব্লেক ডায়মণ্ড এক্সপ্ৰেছ, আছানচোল-টাটা এক্সপ্ৰেছ, জয়নগৰ-হাওৰা এক্সপ্ৰেছ, মালদা টাউন-কিউল এক্সপ্ৰেছৰ সময়সূচীও সলনি কৰা হ’ব পাৰে। মালদা টাউন-লোকমান্য এক্সপ্ৰেছ, হাওৰা-নতুন দিল্লী দূৰন্ত এক্সপ্ৰেছ বাতিল কৰা হৈছে।
ইপিনে, প্ৰতিবাদৰ চাপত কেন্দ্ৰীয় চৰকাৰে অগ্নিপথ আঁচনিৰ নিয়মবোৰ শিথিল কৰিছে। মোডী চৰকাৰে প্ৰস্তাৱিত আঁচনিখনত নিযুক্তিৰ বাবে উৰ্ধতম বয়সৰ সীমা একৈশৰ পৰা ২৩ লৈ বৃদ্ধি কৰিছে।
অৱশ্যে প্ৰতিবাদ এতিয়াও বন্ধ হোৱা নাই। প্ৰকৃত চাকৰি বিচৰা সকলে এই প্ৰতিবাদ কৰিছে নে ৰাজনৈতিক দলবোৰে বাহিৰৰ পৰা মানুহ আনি চাকৰি বিচৰা প্ৰাৰ্থীসকলক ঢাল হিচাপেলৈ অস্থিৰতা বিয়পাইছে তাকলৈ প্ৰশ্ন তুলিছে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে।