নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত স্থিতি স্পষ্ট নহয় অগপ-কংগ্ৰেছৰ : এ আই য়ু ডি এফ

AIUDF

হাতীগাঁৱত থকা দলটোৰ কেন্দ্ৰীয় কাৰ্যালয়ত এ আই য়ু ডি এফৰ সংবাদমেল।

৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছত পূৰ্বতে কৰা মন্তব্য অনুসৰি ৰাজ্যিক বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ স্থিতি স্পষ্ট নকৰাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। কিন্তু তেনেস্থলতো বিধেয়কখনৰ ক্ষেত্ৰত বিজেপিৰ সলনি কংগ্ৰেছ আৰু অসম গণ পৰিষদৰ স্থিতি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে এ আই য়ু ডি এফে।

মঙলবাৰে হাতীগাঁৱত থকা দলটোৰ কেন্দ্ৰীয় কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি এ আই য়ু ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইচলামে অগপ আৰু কংগ্ৰেছৰ স্থিতিক লৈ এই মন্তব্য কৰে।

ইচলামে কয়, “বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ইতিমধ্য নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সদনত উত্থাপন কৰিবই বুলি বিজেপিৰ দলীয় স্থিতি অতি স্পষ্টকৈ প্ৰকাশ কৰিছে। কিন্তু অসম গণ পৰিষদ আৰু কংগ্ৰেছে এতিয়াও তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব পৰা নাই। অমিত শ্বাহে স্থিতি স্পষ্ট কৰি দিয়াৰ পাছত এতিয়া আৰু কি বুলি ক’লে বা কিমানখিনি কৰিলে অগপই মিত্ৰতা ছেদ কৰিব? নে তেওঁলোকে এই চৰকাৰৰ লগত মধুচন্দ্ৰিকা বজাই ৰাখিব আৰু এই মধুচন্দ্ৰিকাৰ জৰিয়তে আমি স্পষ্টকৈ বুজিম নেকি যে তেওঁলোকৰ স্থিতি বিজেপিৰ সৈতে একেই।”

তেওঁ কয় যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে সমগ্ৰ ভাৰতবৰ্ষত এন আৰ চিৰ ব্যৱস্থা কৰিব আৰু নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন কৰিব বুলি পৰিষ্কাৰভাৱে প্ৰকাশ কৰিছে। ইতিমধ্যে ৰাজ্যসভাত তেওঁলোকৰ সদস্য সংখ্যা বৃদ্ধি পাইছে আৰু তেওঁলোকে বিধেয়কখন উত্থাপন কৰিলে সদনত পাছ কৰিব পাৰিব বুলি আত্মবিশ্বাসী হৈ আছে।

তেওঁ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ স্থিতিক লৈও প্ৰশ্ন উত্থাপন কৰে।

“পলমকৈ হ’লেও কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ সভাত ১৯৭১ চনক ভিত্তি বছৰ হিচাপে লৈ নাগৰিকত্ব প্ৰদানৰ কথাটো তেওঁলোকে মানি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সদস্য তৰুণ গগৈয়ে আকৌ ২০১৪ চনৰ নিৰ্বাচনক সাঙুৰি নাগৰিকত্ব প্ৰদানৰ কথা কৈ আছে। গতিকে কংগ্ৰেছৰ এতিয়া স্থিতি কি? ১৯৭১ নে ২০১৪ নে কি?”, আমিনুল ইচলামে কয়।

তেওঁ কয় যে অসমৰ ৰাইজে অসম গণ পৰিষদ আৰু কংগ্ৰেছ দলৰ প্ৰকৃত স্থিতি কি জানিবলৈ বাট চাই আছে। গতিকে অসম আন্দোলন আৰু অসম চুক্তিৰ বিপৰীতে গৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ধৰ্মৰ ভিত্তিত বিদাশীক ভাগ কৰিব বিচৰা বিজেপিৰ লগত এই স্থিতিৰ ক্ষেত্ৰত পাৰ্থক্য এই দুটা দলৰ নাই নেকি সেই কথা স্পষ্ট কৰিবলৈ আহ্বান জনায়।