NORTHEAST NOW (Assamese)

অসমৰ উন্নয়নৰ বাবে অগপ-বিজেপিৰ মিত্ৰতাৰ প্ৰয়োজন আছিল : মণিমাধৱ মহন্ত

March 29, 2019 10:08 pm · ভাৰ্গব হাজৰিকা

আজি বিজেপি-অগপ মিত্ৰজোটৰ প্ৰাৰ্থী মণিমাধৱ মহন্ত চামগুৰিত উপস্থিত হৈ কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ গৌৰৱ গগৈক কটাক্ষ কৰে। বৰ্তমানৰ সাংসদ তথা কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে মাতৃভাষা কিমান ভালকৈ জানে তাক লৈ সন্দেহ প্ৰকাশ কৰে মণিমাধৱ মহন্তই।

চামগুৰি তিনিআলিত প্ৰায় দুই শতাধিক দলীয় কৰ্মীৰ সমাৱেশেৰে দুপৰীয়া প্ৰায় একমান বজাত অনুষ্ঠিত এখন সভাত অংশ গ্ৰহণ কৰি মণিমাধৱ মহন্তই কয় যে গৌৰৱৰ বাবে উভটি যোৱা ১৩.৪৫ কোটি টকাৰ বিষয় তথা গৌৰৱে কোৱা মতা-মাইকী মাছৰ বিষয়বোৰৰ টি আৰ পি আছে, কিন্তু সমষ্টিটোত গৌৰৱে কৰা উন্নয়নৰ টি আৰ পি নাই।

ইফালে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কলিয়াবৰত নিজ পুত্ৰক সুৰক্ষিত কৰাৰ স্বাৰ্থতহে এ আই য়ু ডি এফৰ সৈতে গোপন বুজাবুজিৰে ধুবুৰী আৰু বৰপেটাত কংগ্ৰেছৰ দুৰ্বল প্ৰাৰ্থীক প্ৰক্ষেপিত কৰি সমষ্টি কেইটা এ আই য়ু ডি এফৰ হাতত উচৰ্গা কৰা চেষ্টা চলোৱা বুলিও মণিমাধৱ মহন্তই উল্লেখ কৰে।

লগতে আজিৰ সভাতে মণিমাধৱ মহন্তই আগন্তুক লোকসভা নিৰ্বাচনত প্ৰায় ২৫/৩০ হাজাৰ ভোটৰ ব্যৱধানত জয় হ’ব বুলি দাবী কৰে। লগতে অসমৰ উন্নয়ন তথা সভ্যতা-সংস্কৃতিৰ বাবে অগপ-বিজেপিৰ মিত্ৰতাৰ প্ৰয়োজন আছিল বুলিও উল্লেখ কৰে।

Related News