নাগৰিকত্ব বিধেয়কৰ তীব্ৰ বিৰোধিতাৰে যুটীয়া সংসদীয় কমিটী নেতৃবৃন্দৰে সাক্ষাতৰ বাবে অগপৰ সঁজাতী দলৰ দিল্লী যাত্ৰা

assam-protests1

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীৰে যুটীয়া সংসদীয় কমিটীৰ  নেতৃবৃন্দৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হোৱাৰ বাবে দলীয় সভাপতি অতুল বৰাৰ নেতৃত্বত আজি দিল্লীলৈ ৰাওনা হ’ব অগপৰ এটা সঁজাতী দল। অগপৰ নেতাসকলে ২১ আৰু ২২ অক্টোবৰত যুটীয়া সংসদীয় কমিটীৰ প্ৰায়কেইজন শীৰ্ষ নেতাক পৃথকে পৃথকে সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে দাবী জনাব বুলি জানিব পৰা গৈছে।

২৩ অক্টোবৰত যুটীয়া সংসদীয় কমিটীৰ বৈঠক অনুষ্ঠিত হ’ব হেতুকে বৈঠকৰ পূৰ্বে দুদিন ধৰি দিল্লীত বাহৰ পাতি অগপৰ সঁজতী দলটোৱে সংসদীয় কমিটীৰ সদস্যসকলক সাক্ষাৎ কৰি বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতা কৰিব। এই ক্ষেত্ৰত অগপই  অন্য ৰাজনৈতিক দলৰ নেতাকো নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰাৰ উদ্দেশ্যে কমিটীক সাক্ষাৎ কৰিবলৈ আহ্বান জনাইছে।

যুটীয়া সংসদীয় কমিটীৰ সদস্যসকলৰ প্ৰত্যেককে সাক্ষাৎ কৰাৰ অন্তত ২২ অক্টোবৰৰ সন্ধিয়া অগপৰ নেতাসকল গুৱাহাটীলৈ উভতি আহি ২৩ অক্টোবৰত গুৱাহাটীত আহ্বান জনোৱা বৃহৎ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অহা ২৩ অক্টোবৰত গুৱাহাটীত আয়োজন কৰা বৃহৎ প্ৰতিবাদী কাৰ্যসূচীত ৫০ হাজাৰ লোকৰ উপস্থিতি কামনা কৰিছে অগপৰ কেন্দ্ৰীয় কমিটীয়ে। কামৰূপ মহানগৰ জিলাৰ লগতে কামৰূপ, মৰিগাঁও, নলবাৰী আদি জিলাৰ পৰা মানুহ গোটাবলৈ অগপৰ কেন্দ্ৰীয় কমিটীয়ে দলৰ বিভিন্ন স্তৰৰ কমিটীসমূহক নিৰ্দেশ দিছে।

সেই দিনাই গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া প্ৰতিবাদী কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এখন প্ৰতিবাদী সভাও অনুষ্ঠিত কৰাৰ কথা আছে। অৱশ্যে চৰকাৰী অনুমতি নিশ্চিত নোহোৱা হেতুকে প্ৰতিবাদী কাৰ্যসূচী ক’ত অনুষ্ঠিত কৰা হ’ব সেয়া নিৰ্ধাৰণ হোৱা নাই।