কোটি টকাত অতুল বৰাই অগপক ’বন্ধক’ত দিছে বিজেপিক, দল এৰি বিস্ফোৰণ চৰণ ডেকাৰ

AGP executive council member Saran Deka resigns protesting party's alliance with BJP

চৰণ ডেকাৰ বুধবাৰৰ সংবাদমেল।

অগপৰ ভেটি “সুদৃঢ় কৰিবলৈ” আছু এৰি কেশৱ মহন্ত-ভাতৃ মণিমাধৱ মহন্তই যোগদান কৰাৰ দিনটোতে কোটি টকাৰ বিনিময়ত দলটো বিজেপিক “বন্ধক”ত দিয়াৰ অভিযোগেৰে আমবাৰী এৰিছে জ্যেষ্ঠ নেতা চৰণ ডেকাই।

অগপৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য ডেকাই বিজেপিৰ সৈতে পুনৰ মিত্ৰতাৰ বাবে শেহতীয়াকৈ সভাপতি অতুল বৰাৰ নেতৃত্বত একাংশ নেতাই লোৱা সিদ্ধান্তৰ প্ৰতিবাদতে আঞ্চলিক দলটো ত্যাগ কৰা বুলি স্পষ্ট কৰিছে।

“নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত আপুনি আৰু আপোনাৰ সহযোগী শীৰ্ষ পদবীধাৰী নেতাই পৰোক্ষ/প্ৰত্যক্ষভাৱেই তথা মৌন সমৰ্থনেৰে আদৰাৰ কথা নিপাতনে সিদ্ধৰ দৰে প্ৰমাণিত কৰিছে। আপুনি দলত কৰ্তইত্বপ্ৰাপ্ত সভাত আলোচনা অবিহনেই মন্ত্ৰিত্বৰ গাদীত বহিবলৈ কুন্ঠাবোধ নকৰাৰ ঘটনাই এই কথা প্ৰমাণিত কৰিছে। আৰু দলৰ সাধাৰণ পৰিষদত সিদ্ধান্ত নোলোৱাকৈ তথাকথিত মিত্ৰতাৰ নামত কেই কোটিমান টকাত বিজেপিৰ ওচৰত দলটোক বন্ধকত দিয়াৰ কাৰ্য্যকলাপে এই কথা প্ৰমাণিত কৰিছে,” অগপ সভাপতিক আমবাৰীৰ মুখ্য কাৰ্য্যালয়ত নিজহাতে দিয়া পত্ৰত এই মন্তব্য ডেকাৰ।

পদত্যাগ পত্ৰত ডেকাই সভাপতিজনক “দায়িত্বজ্ঞানহীন” বুলিও অতি কঠোৰভাৱে সমালোচনা কৰিছে।

“দলটোৰ শীৰ্ষতম পদত অধিষ্ঠিত হৈ সাংগঠনিক স্থিতি/শক্তি বৃদ্ধি কৰি অসমৰ জনগণৰ সমৰ্থনযোগ্য হ’ব পৰাকৈ আপুনি একোৱেই কৰিব নোৱাৰিলে। আপোনাৰ যে সদ্দিচ্ছা, সৎ সাহস আৰু জনগণৰ স্বাৰ্থৰ প্ৰতি দায়িত্ববোধ নাই, সেই কথা এতিয়া অসমৰ জনসাধাৰণৰ মুখে-মুখে ধ্বনিত হৈছে,” ডেকাৰ চিঠিৰ উদ্ধৃতি।

উল্লেখযোগ্য যে,  যোৱা ২৬ ফেব্ৰুৱাৰিত এক সংবাদমেলযোগে ডেকাই অগপ দলৰ হৈ গুৱাহাটী নাইবা বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব লাভৰ আশা প্ৰকাশ কৰিছিল। কিন্তু বিজেপিৰে সৈতে মিত্ৰতা স্থাপনে ডেকাৰ স্বপ্ন ধূলিসাৎ কৰি পেলালে। ডেকা দীৰ্ঘদিনধৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক আছিল।

ডেকাৰ পূৰ্বে দলটোৰ উপ-সভাপতি দিলীপ বৰা, তথ্য আৰু প্ৰচাৰ সম্পাদক দিৱস ফুকন, লাচিত বৰদলৈ আদি কেইবাগৰাকীও নেতাই মিত্ৰতা বিৰোধ কৰি দলত্যাগ কৰিছিল।

তাৰোপৰি মিত্ৰতাৰ বিৰোধ কৰি সংবাদ মাধ্যমত বক্তব্য ৰখাৰ বাবে অগপৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য প্ৰণৱ গোস্বামীকো বহিষ্কাৰ কৰা হৈছিল।