অগপৰ সংবিধান সংশোধনৰ বাবে সাজু অতুল বাহিনী; সমিতিত নাহিল প্ৰতিষ্ঠাপক সভাপতি মহন্তৰ নাম

AGP_Leaders AGP to show up in digital avatar

অসম গণ পৰিষদ নেতৃত্বৰ ফাইল ছবি।

বিজেপিৰ মিত্ৰতাৰ বিষয়টোত শেহতীয়াকৈ দলীয় সতীৰ্থ, কৰ্মীৰ পৰা তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈ অহা অতুল বৰা নেতৃত্বাধীন অসম গণ পৰিষদে আজি সংবিধান সংশোধনৰ সিদ্ধান্ত লোৱাৰ লগতে এখন অনুশাসন সমিতি গঠনৰো সিদ্ধান্ত লৈছে।

দলটোৰ মুখ্য কাৰ্য্যালয়ত আজি অনুষ্ঠিত বৰ্ধিত কাৰ্য্যনিৰ্বাহকৰ পিছতে সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দিলে দলটোৰ সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতাই।

“তৃণমূলৰ ভেটি শক্তিশালী কৰাৰ স্বাৰ্থত দলীয় স্তৰসমূহ সংশোধনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এখন সংবিধান সংশোধনী সমিতি গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়”, বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্তব্য কলিতাৰ।

দলৰ কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তৰ নেতৃত্বত গঠন হ’ব লগীয়া এই সমিতিত থকা আনসকল হ’ল- ডাঃ কমলাকান্ত কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, প্ৰদীপ হাজৰিকা, ফণীভূষণ চৌধুৰী আৰু সত্যব্ৰত কলিতা।

তাৎপৰ্য্যপূৰ্ণভাৱে এই সমিতিৰ পৰা বাদ পৰি ৰ’ল অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নাম।

উল্লেখ্য যে, ঐতিহাসিক অসম আন্দোলনৰ পৰিণতি অসম চুক্তিৰ ভিত্তিত অসম গণ পৰিষদ দলটো ১৯৮৫ চনত গঠিত হৈছল মহন্তক প্ৰতিষ্ঠাপক সভাপতি হিচাপে লৈ।

দলৰ প্ৰতিষ্ঠাপক সভাপতি হোৱা সত্ত্বেও সংবিধান সংশোধন সমিতিত মহন্তক অন্তৰ্ভুক্ত নকৰাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

বিশেষকৈ দলৰ সৈতে শেহতীয়াকৈ হোৱা মহন্তৰ শীতল দ্বন্দ্বৰ প্ৰসংগ এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ দিশ হ’ব পাৰে।

আনহাতে, বৈঠকত লোকসভা নিৰ্বাচনৰ সময়ছোৱাত জিলা সমিতিসমূহৰ পৰা অভিযোগসমূহ বিতংভাৱে পৰীক্ষা কৰিবৰ বাবে এখন অনুশাসন সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কলিতাই জনোৱা মতে, তিনিজনীয়া সদস্যৰে গঠন হ’ব লগীয়া এই সমিতিৰ সম্পূৰ্ণ কৰ্তৃত্ব থাকিব সভাপতি অতুল বৰাৰ ওপৰত।

ইপিনে, বৈঠকত আগন্তুক সময়ত ৰাজ্যখনৰ পৰা খালী হ’ব লগীয়া ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচনক লৈও দলৰ মজিয়াত আলোচনা হৈছে বুলি জানিবলৈ দি কলিতাই কয়, “দলৰ সভাপতিৰ নেতৃত্বত সমূহ সাধাৰণ সম্পাদক আৰু বিধায়কসকলক লগত লৈ এখন ১৮ জনীয়া কমিটী গঠন কৰি দিয়া হৈছে। এই কমিটীয়ে ৰাজ্যসভাৰ নিৰ্বাচন সম্পৰ্কত সিদ্ধান্ত ল’ব।”

৬ জনগোষ্ঠীক জনজাতিকৰণৰ সমস্যা, জাগীৰোড কাগজ কল, এন আৰৰ চি আদি বিষয়ৰ ওপৰতো উক্ত কাৰ্য্যনিৰ্বাহক বৈঠকত আলোচনা হয়, কলিতাই জনায়।