তৃণমূল কৰ্মীক প্ৰবঞ্চনা কৰি বিজেপিৰে মিত্ৰতা কৰা বিশ্বাসঘাতক অগপত নাথাকে লাচিত

Lachit Bordoloi

আঞ্চলিকতাবাদ তথা জাতীয়তাবাদত বিশ্বাসী অসমৰ জনসাধাৰণক অন্ধকাৰত ৰাখি অসম গণ পৰিষদ দলৰ কেইজন মান স্বাৰ্থলোভী নেতাই পুনৰ এবাৰ বিজেপিৰে মিত্ৰতা কৰা কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি দল ত্যাগ কৰিলে অগপ নেতা লাচিত বৰদলৈয়ে।

আঞ্চলিকতাবাদী নেতাগৰাকীয়ে বুধবাৰে অগপ সভাপতি অতুল বৰালৈ এক পত্ৰযোগে নিজৰ পদত্যাগৰ কথা জনায়। পদত্যাগৰ পিছতে তেওঁ অসম গণ পৰিষদ দলক বিশ্বাস ঘাতকৰ দল আখ্যা দিয়ে।

ইয়াৰ উপৰি বৰদলৈয়ে অতি ক্ষোভেৰে কয় যে অসম গণ পৰিষদ দলৰ নেতৃ্ত্বই দলটোৰ তৃণমূল কৰ্মীৰ পৰা কোনো ধৰণৰ মতামত নোলোৱাকৈয়ে বিজেপিৰে মিত্ৰতা কৰাৰ সিদ্ধান্ত লৈছে। নেতৃত্বৰ এই ধৰণৰ সিদ্ধান্তৰ প্ৰতিবাদ স্বৰূপে বৰদলৈয়ে দল ত্যাগ কৰা বুলি মন্তব্য কৰে।

উল্লেখনীয় যে আঞ্চলিক দলটোৰ আৰ্থিক অৱস্থা অতি দুৰ্বল বাবেই দলটোৰ নেতৃত্বই বিজেপিৰ সৈতে পুনৰ মিত্ৰতা কৰিবলৈ ওলোৱা বুলি চৰ্চা হৈ থকা প্ৰসংগত বৰদলৈয়ে কয়, ‘হাৱাই চেন্ডেল এৰি হাৱাই জাহাজত উঠাৰ কাৰণেহে ইমান দিনে পুঁজি সংগ্ৰহ কৰিব নোৱাৰিলে অগপৰ নেতৃত্বই’।

এগৰাকী মানৱ অধিকাৰ কৰ্মী হিচাপে সুপৰিচিত লাচিত বৰদলৈয়ে ২০১০ চনত যোগদান কৰিছিল অসম গণ পৰিষদ দলত। ‘আঞ্চলিকতাবাদৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মই অগপত যোগদান কৰাৰ সিদ্ধান্ত লৈছিলো’। এইদৰে কয় বৰদলৈয়ে।

ইয়াৰ উপৰি সদ্য পদত্যাগী নেতা গৰাকীয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ককলৈ অগপই বিজেপিৰে মিত্ৰতা এৰিছিল। কিন্তু এতিয়া পুনৰ মিত্ৰতা কৰি অগপই কেব সন্দৰ্ভত তেওঁলোকৰ স্থিতি প্ৰমাণ কৰি দিলে।

উল্লেখ্য যে বিজেপিয়ে অগপক তিনিখন আসন এৰি দিব বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰা প্ৰসংগতো বৰদলৈয়ে তাৎপৰ্যমূলক মন্তব্য কৰি কয় যে তিনিখন আসনৰ এখনতো যদি জয়ী হয় তেন্তে সেয়া অগপই ভাগ্য বুলিহে ক’ব লাগিব।

আঞ্চলিকতাবাদত বিশ্বাসী লাচিত বৰদলৈয়ে কোনো ৰাষ্ট্ৰীয় দলত যোগদান নকৰে বুলি স্পষ্টতাৰে উল্লেখ কৰে।

আনহাতে বিজেপিৰে মিত্ৰতা কৰা প্ৰসংগত অসন্তুষ্টি প্ৰকাশ কৰি অগপৰ আইন উপদেষ্টা হেমেন বৰাৰ লগতে হাজো সমষ্টিৰ অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ সাংগঠনিক সম্পাদক আনছেৰ আলীয়েও আজি দলত্যাগ কৰে।