নিৰ্বাচনী ৰনশিঙা বজাই অগপ নেতা মণিমাধৱ মহন্ত : গৌৰৱ গগৈ একুৱাৰিয়ামৰ মাছ

20190324_192028

চামগুৰিত নিৰ্বাচনী প্ৰচাৰ সভাত অগপ নেতা মণি মাধব মহন্ত। ফটো : নৰ্থইষ্ট নাও

চামগুৰিত পুনৰ সাংসদ গৌৰৱ গগৈক উভতি ধৰিলে কলিয়াবৰ লোকসভা সমষ্টিৰ বাবে মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী অগপৰ মণিমাধৱ মহন্তই।

চামগুৰিৰ নতুন তিনিআলিস্থিত কলিয়াবৰ জিলা বিজেপিৰ কাৰ্যালয়ত দেওবাৰে নিশা উপস্থিত হৈ বিজেপিৰ নেতা-কৰ্মী সকলৰ সৈতে হোৱা ভাব-বিনিময় সভাত বৰ্তমানৰ গৃহ সমষ্টিৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈক বাৰুকৈয়ে কটাক্ষ কৰিলে পাঁচ দিনৰ পূৰ্বে অগপত যোগদান কৰি প্ৰাৰ্থিত্ব লাভ কৰা মণিমাধৱ মহন্তই।

মহন্তৰ মতে কংগ্ৰেছী সাংসদ গৰাকীয়ে সাংসদ পূঁজিৰ ২৫কোটি টকাৰ ১৩.৪৫কোটি টকাই সমষ্টিৰ উন্নয়ন মূলক কামত ব্যৱহাৰ কৰাত ব্যৰ্থ হ’ল। গৌৰৱ গগৈয়ে সংসদত সমষ্টিৰ সমস্যাৰ সম্পৰ্কে কোৱাৰ বিপৰীতে ৰাইবেৰেলি তথা আমেথিৰ কথাহে উত্থাপন কৰা বুলি মন্তব্য কৰে মণিমাধৱ মহন্তই।

ইপিনে, গৌৰৱ গগৈক একুৱাৰিয়ামৰ মাছ বুলি কটাক্ষ কৰি সংবাদ মাধ্যমৰ আগত মহন্তই কয় যে কলিয়াবৰৰ ৰাইজে এতিয়া মতা মাছ মাইকী মাছৰ বিষয়ে জানিব নিবিচাৰে, বিচাৰে সৰ্বত্ৰে উন্নয়নহে। কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মাজত গোপন মিত্ৰতা থকাৰ দাবী কৰি মহন্তই কটাক্ষ কৰিবলৈ নাপাহৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকো।

“তৰুণ গগৈয়ে এতিয়া Who is Badaruddin বুলি কোৱাৰ বিপৰীতে he is my heart বুলিহে কয়,”-মহন্তই এইদৰে কয়।

মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ তথা অগপ প্ৰাৰ্থী মণিমাধৱ মহন্তই নিশ্চিত কৰে যে কংগ্ৰেছ এআইয়ুডিএফৰ গোপন মিত্ৰতাই আগন্তুক লোকসভা নিৰ্বাচনত অগপ-বিজেপিৰ মিত্ৰজোঁটৰ কোনো ক্ষতি কৰিব নোৱাৰে। কাৰণ উন্নয়নৰ মুখ নেদেখা সমষ্টিৰ সংখ্যালঘু ৰাইজক দল দুটাই দীৰ্ঘদিন ধৰি ধৰ্মৰ নামত প্ৰতাৰিত কৰি আহিছে।

প্ৰায় তিনি শতাধিক বিজেপিৰ নেতা-কৰ্মীৰ সমাৱেশেৰে নিশাৰ ভাগত অনুষ্ঠিত সভাখনত অগপৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা প্ৰাক্তন আছু নেতা গৰাকীয়ে সদৰি কৰে যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ দৰে জাতিৰ অস্তিত্ব ৰক্ষাৰ যিকোনো বিষয়ত দলে লোৱা সিদ্ধান্তৰ পক্ষত তেওঁৰ স্থিতি বাহাল থাকিব।

আগন্তুক নিৰ্বাচনত কলিয়াবৰ লোকসভা সমষ্টিত অগপ, বিজেপি, সন্মিলিত গণ শক্তি, বিপিএফ, তিৱা জাতীয় ঐক্য মঞ্চৰে গঠিত শ্ৰেষ্ঠ পৰিয়াল সদৃশ মিত্ৰজোঁটৰ সন্মুখত পূৰ্বৰ দৰে কোনো ধৰণৰ প্ৰত্যাহ্বান নাই বুলি ৰণহুংকাৰ প্ৰদান কৰা দেখা গ’ল মণিমাধৱ মহন্তক।

অৱশ্যে, কংগ্ৰেছৰ এসময়ৰ অভেদ্য দূৰ্গ স্বৰূপ চামগুৰিত আহি নৱাগত অগপ নেতা মণিমাধৱ মহন্তই চলোৱা নিৰ্বাচনী তৎপৰতাক বৰ্তমানৰ কংগ্ৰেছী সাংসদ গৰাকীয়ে প্ৰতিহত কৰিবলৈ পৰৱৰ্তী সময়ত কেনে ধৰণৰ ৰণকৌশল হাতত লয় সেয়া আগন্তুক দিনত অতিশয় লক্ষণীয় হ’ব।