• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কা’ৰ বিৰোধিতা কৰাৰ বাবেই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক অগপ নেতৃত্বৰ বিশ্বাসঘাতকতা!

উলম্ব বিভাজনৰ দিশে অগপ : পুনৰ আত্মপ্ৰকাশ ঘটিব অগপ(প্ৰ)ৰ, উজুটি খাব বিজেপি মিত্ৰজোঁটে

মুৰুলী বৰুৱা by মুৰুলী বৰুৱা
March 5, 2021 3:06 pm
a Vprafulla-kumar-1140x570
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একমাত্ৰ কা বিৰোধী স্থিতিত অটল হৈ থকাৰ বাবেই অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ হাতৰ পৰা অগপ বিজেপি মিত্ৰ জোটে কাঢ়ি নিলে বঢ়মপুৰ সমষ্টি ।

একমাত্ৰ কা বিৰোধী স্থিতিত অটল হৈ থকাৰ অপৰাধতেই দুবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা, চাৰিবাৰকৈ বিৰোধী দলপতি তথা একেটা সমষ্টিৰ পৰা ত্ৰিশ বছৰ বিধায়ক হিচাপে ধাৰাবাহিক ভাৱে নিৰ্বাচিত হোৱা এই গৰাকী অসমৰ প্ৰবীণ ৰাজনৈতিক নেতাক চুড়ান্ত অপমান কৰা হল ।

প্ৰফুল্ল কুমাৰ মহন্তৰ ৰাজনৈতিক জীৱনত বঢ়মপুৰ সমষ্টিত কোনো দিনেই পৰাজয় বৰণ কৰিব লগা হোৱা নাছিল ।

এই গৰাকী ৰাজনৈতিক নেতাই বিগত সময় খিনিত অগপ বিজেপি মিত্ৰজোটৰ চৰকাৰ খনৰ বহু ভুল সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ বাবেই সোণোৱাল চৰকাৰ বহু সময়ত অস্বত্বিত পৰিছিল ।

একমাত্ৰ ক্ষমতাৰ লালসাত বিজেপিৰ পদলেহন কৰি নিজৰ গাদী খন সুৰক্ষিত কৰি ৰাখিব বিচৰা অসম গণ পৰিষদ দলৰ একাংশ নেতাৰ বাবেই অসমৰ ৰাইজে তেজ দি গঠন কৰা ৰাজ্য খনৰ অন্যতম আঞ্চলিক দলটো আজি অস্তিত্বহীন হৈ পৰিল ।

অগপত বিজেপি দলৰ বাবে সমস্যাৰ কাৰণ হৈ পৰিছিল প্ৰফুল্ল কুমাৰ মহন্ত ।

ৰাজনৈতিক জীৱনত প্ৰফুল্ল কুমাৰ মহন্তও বিতৰ্ক মুক্ত নহয় যদিও সেহতীয়াকৈ নাগৰিকত্ব সংসোধনী আইন খনৰ বিৰুদ্ধে অসম আৰু অসমীয়াৰ স্বাৰ্থত অতি সবল ভাৱে প্ৰতিবাদ কৰি গৈছিল অসমৰ এই গৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ।

অগপ বিজেপি মিত্ৰজোটৰ অংশীদাৰ হৈয়ো তেওঁ অসমৰ ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত ‘কা’ৰ বিৰোধিতা কৰি গৈছিল ।

অপ্ৰিয় হলেও সত্য যে বৰ্তমান অগপ দলত যি কেইজন নেতা আছে সেই সকলৰ ভিতৰত প্ৰফুল্ল কুমাৰ মহন্তক বাদ দি আন সকল নামতহে অগপ হৈ আছে ।

তেওঁলোকে কেতিয়াবাই বিজেপিৰ গেৰুৱা  বসন পৰিধান কৰিলে ।

বিজেপি দলে যি দিনাই অগপৰ বোকোচাত উঠি অসমৰ ৰাজনীতিত প্ৰথমটো খোজ পেলাইছিল সেই দিনাৰ পৰাই বিজেপি দলে আৰম্ভ কৰি দিছিল অগপ নিধন অভিযান ।

ক্ৰমান্বয়ে এই অভিযানত বিজেপি সফল হৈছিল । কিন্তু বিজেপিৰ বাবে হেঙাৰ হৈ পৰিছিল প্ৰফুল্ল কুমাৰ মহন্ত ।

কিন্তু ২০২১ৰ বিধান সভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অতি আক্ৰোশ মুলক ভাবে অগপৰ একাংশ  লুভীয়া নেতাক ঢাল হিচাপে লৈ প্ৰফুল্ল কুমাৰ মহন্তক ৰাজনৈতিক ভাৱে হত্যা কৰা এক পূৰ্বপৰিকল্পিত  পৰিকল্পনাৰ কাৰ্যকৰী ৰূপ দিলে ।

ইয়াৰ লগে লগেই অসমৰ ৰাজনৈতিক ক্ষেত্ৰ খনত অগপ নামৰ অসমৰ অন্যতম ৰাজনৈতিক দলটোৰ  কফিনত অন্তিমটো গজাল মাৰিবলৈ সক্ষম হল বিজেপি ।

কিমান নিষ্ঠুৰ হলে দলটোৰ প্ৰতিষ্ঠাপক সভাপতি গৰাকীক  নিজৰে দিৰ্ঘদিনীয়া সতিৰ্থ সকলে এই দৰে ৰাজনৈতিক ভাৱে হত্যা কৰিব পাৰে ভাবিলে আচৰিত লাগে ।

আজিও বঢ়মপুৰ সমষ্টিত প্ৰফুল্ল কুমাৰ মহন্তৰ অগণন সমৰ্থক আছে ।

সমষ্টিটো অগপ দলে বিজেপিক এৰি দিলেও বিজেপিৰ বাবে বঢ়মপুৰ সমষ্টি নিজৰ দখললৈ অনাটো যে কঠিন হব সেয়া নিশ্চিত।

কাৰণ বঢ়মপুৰ সমষ্টিত কংগ্ৰেছৰো এক শক্তিশালী দুৰ্গ আছে । বিগত বিধান সভা নিৰ্বাচন ৫১৮৭ টা ভোটতহে জয়ী হৈছিল প্ৰফুল্ল কুমাৰ মহন্ত ।

২০১৬ৰ বিধান সভা নিৰ্বাচনত প্ৰফুল্ল কুমাৰ মহন্তই ৬৫৭৬৮ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰিছিল ৬০৫৯৯ টা ভোট ।

কিন্তু এইবাৰ প্ৰফুল্ল কুমাৰ মহন্তৰ অনুপস্থিতিত তেওঁৰ সমৰ্থক সকলে কাক ভোট দিব । এটা কথা নিশ্চিত যে কিছু সংখ্যাক ভোট বিজেপিলৈ গ’লেও গৰিষ্ঠ সংখ্যাকেই তেওঁলোকে বিজেপিৰ বিকল্প সন্ধান কৰিব ।

যাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিব কংগ্ৰেছ দলে । নৱগঠিত জাতীয় পৰিষদৰ মিত্ৰজোটে যি খিনি ভোট পাব তাৰ দ্বাৰাও তুলনামূলকভাৱে বেছি লোকচানৰ সন্মুখীন হব বিজেপি ।

কিন্তু বাস্তৱত সেয়া কিমান সম্ভৱ হয় সময়ে কব । কাৰণ অসমৰ ৰাজনৈতিক ক্ষেত্ৰ খনত প্ৰফুল্ল কুমাৰ মহন্তক অগপ বিজেপি মিত্ৰ জোটে ভাবি লোৱাৰ দৰে এতিয়াও অপ্ৰাসংগিক হৈ পৰা নাই ।

বিজেপিৰে আসন বুজাবুজিক কেন্দ্ৰ কৰি অগপত পুনৰ বাৰ উলম্ব বিভাজন যে হব সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে । উল্লেখ্য যে ২০০৬ চনৰ বিধান সভা নিৰ্বাচনৰ সময়ত প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত গঠিত অগপ (প্ৰ) পৰৱৰ্তী সময়ত অগপত বিলীন হৈছিল যদিও শেহতীয়াকৈ অগপৰ নেতৃত্বৰ প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰতি কৰা চুড়ান্ত বিশ্বাসঘাতকতাৰ বাবেই পুনৰ সক্ৰিয় হৈ পৰিছে অগপ(প্ৰ) ।

ইতিমধ্যে অসমৰ পোন্ধৰটা সমষ্টিত অগপ(প্ৰ)পৰা প্ৰাৰ্থী দিয়াৰো চিন্তা চৰ্চা আৰম্ভ হোৱাৰ কথা পোহৰলৈ আহিছে ।

ইয়াৰ দ্বাৰা অগপ(প্ৰ)ই কেইখন আসনত জয়লাভ কৰিব সেয়া পাচৰ কথা যদিও অগপ বিজেপি মিত্ৰজোঁটত কিছু যে খহনীয়াৰ সৃষ্টি কৰিব সেয়া নিশ্চত ।

 কি হব অগপ(প্ৰ) নতুন ৰণকৌশল: অগপ বিজেপি মিত্ৰজোটে প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰতি কৰা এই চৰম বিশ্বাসঘাতকতাৰ বাবেই ‘কা’বিৰোধী স্থিতিৰে কংগ্ৰেছ- এআইইউডিএফৰ মহাজোঁটত  অংশীদাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে অগপ(প্ৰ)ৰ ।

শেহতীয়াকৈ অগপ(প্ৰ) ৰ এটা সঁজাতি দলে ইতিমধ্যে গুৱাহাটীত মহাজোঁটৰ লগত এক বৈঠকত মিলিত হৈছিল জানিব পৰা গৈছে ।

মহাজোঁটত অংশীদাৰ হোৱাৰ আগ্ৰহ ব্যক্ত কৰিয়ে তেওঁলোকে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাবধায়ক জিতেন্দ্ৰ সিঙৰ সৈতে আলোচনাত মিলিত হৈছিল ।

যদি সঁচাকৈয়ে অগপ(প্ৰ) মহাজোটৰ অংশীদাৰ হয় তেতিয়া অগপ(প্ৰ) অসনৰ সংখ্যা কিছু কমিব আৰু আৰু যদি নহয় তেনেহলে পোন্ধৰ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা  আছে অগপ(প্ৰ)ৰ । অগপ ই ‘কা’ সমৰ্থন কৰা বিজেপিৰ ভৰিত পৰাৰ বাবেই আজি পুনৰ জীৱিত হল অগপ(প্ৰ) বুলি মন্তব্য কৰিছে অসংখ্য অগপ কৰ্মীয়ে ।

মহাজোঁটত যদি অগপ(প্ৰ) অংশীদাৰ  হয় তেনেহলে নিশ্চিত ভাবে বঢ়মপুৰ সমষ্টিটো মহাজোঁটে অগপ (প্ৰ)ক এৰি দিয়াটো নিশ্চিত ।

তেনে ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে যদি বঢ়মপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে তেওঁ সপ্তম বাৰৰ বাবেও সমষ্টিটোৰ  পৰা জয়ী হোৱাৰ পথ প্ৰশস্ত হৈ পৰিব বুলি বিভিন্ন মহলত আলোচনা হৈছে।

মুৰুলী বৰুৱা

মুৰুলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd