অগপক নিদিয়ে ৰাজ্যসভাৰ আসন; বিজেপিৰ নিজৰে অংক মিলা নাই

ৰাজ্যসভাৰ আসনলৈ আশা পালি থকা অগপক “মিত্ৰ”ৰ আন এক প্ৰতাৰণা

HM Amit Shah to visit Assam, says BJP state president Ranjeet Dass

ৰঞ্জিত দাসৰ ফাইল ছবি।

অহা জুন মাহত ৰাজ্যত খালী হ’ব লগীয়া ৰাজ্যসভাৰ দুখন আসনৰ এখন পোৱাৰ আশা পালি থকা অগপক এখনো আসন এৰি দিব নোৱাৰিব মিত্ৰ বিজেপিয়ে। আসনক লৈ বিজেপিৰ নিজৰে অংক নাই মিলা বুলি কৈ মিত্ৰ দলটোলৈ এই দুঃসংবাদ দিছে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।

আজি দলৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্য্যালয়ত এখন সংবাদমেলত অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয়, বিজেপিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি বহুজনে ইতিমধ্যে আৱেদন জনাইছে। ইয়াৰ মাজত আছে লোকসভা নিৰ্বাচনৰ টিকট বঞ্চিত কেইবাগৰাকীও নেতা।

“পুনৰ মিত্ৰতা”ৰ বিনিময়ত অসমৰ ৰাজ্যসভাৰ এখন আসন আঞ্চলিক দলটোক এৰি দিয়াৰ বাবে গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে প্ৰতিশ্ৰুতি দিছে, এই বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰি আহিছে অগপৰ সভাপতি অতুল বৰাই।

কথাটো সাংবাদিকে মনত পেলাই দিয়াত ৰঞ্জিত দাসৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য, “কেৱল ৭ জুনতে ৰাজ্যসভাৰ নিৰ্বাচন নহয়। ২০২০-তো তিনিখন আসন খালী হ’ব। গতিকে আমাৰ ৰাষ্ট্ৰীয় সভাপতিয়ে তেওঁলোকক কোনটো নিৰ্বাচনৰ কথা ক’লে সেই সম্পৰ্কত মই অৱগত নহয়।”

উল্লেখযোগ্য যে দলৰ নেতাক ৰাজ্যসভালৈ পঠাবৰ বাবে অগপ দলে ভিতৰুৱাকৈ কুচকাৱাজ চলাই আছে।

এই বিষয়ক সকলো কথা চালিজাৰি চাই কাক প্ৰাৰ্থী হিচাপে আগ বঢ়াব সেইটো নিৰ্ণয় কৰিবলৈ যোৱা ১৪ মে’ৰ বৰ্ধিত কাৰ্য্যনিৰ্বাহকত এখন ১৮জনীয়া কমিটীও গঠনৰ সিদ্ধান্ত লৈছিল আঞ্চলিক দলটোৱে, যিটো কথা সংবাদ মাধ্যমৰ আগতো প্ৰকাশ কৰিছিল।

ইয়াৰ পিছতো দলটোৰ বাবে এখন আসনো এৰি নিদিলে আঞ্চলিক দলটোৰ বাবে চৰমৰ কথা হ’ব, লগতে ই “মিত্ৰ”ৰ অন্য এটা প্ৰতাৰণা হ’ব। কাৰণ ইতিপূৰ্বে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত আসন ভাগ বাটোৱাৰাৰ নামত মিত্ৰ আঞ্চলিক দলটোক ৰাষ্ট্ৰীয় দলটোৱে “সম্ভাৱনা নথকা” আসন তিনিখনহে এৰি দিছিল।

আনপিনে, বিহাৰত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত লোক জনশক্তি পাৰ্টিৰ সৈতে আসনৰ বুজাবুজিত উপনীত হওঁতে গেৰুৱা দলটোৱে অসমৰ পৰা ৰাম বিলাস পাছোৱানক জিকাই নিয়াৰ “অঘোষিত চুক্তি” কৰিছিল।

সভাপতি ৰঞ্জিত দাসে ৰাম বিলাস পাছোৱানক ৰাজ্যসভালৈ প্ৰক্ষেপ কৰাৰ বিষয়ে অৱগত নহয় বুলি কৈ কয়, “মই সংবাদ মাধ্যমৰ পৰাহে শুনিছো।”

অসম বিজেপিৰ বাবে অগপ নে বিহাৰৰ এল জে পি কোন বেছি গুৰুত্বপূৰ্ণ হয়, সেয়া অলপতে স্পষ্ট হ’ব।