NORTHEAST NOW (Assamese)

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

July 27, 2025 10:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 27, 2025 9:28 pm

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ হাও-ভাও ইতিমধ্যে ৰাজ্যত অনুভূত হৈছে। সম্প্ৰতি সকলো শাসক-বিৰোধী দল নিৰ্বাচনী ৰণনীতি প্ৰণয়নত ব্যস্ত হৈ পৰিছে। এই পৰিস্থিতিত টিকট বণ্টনক কেন্দ্ৰ কৰি ব্যপক চৰ্চা আৰু সংঘাত পৰিলক্ষিত হৈছে। একেসময়তে পোহৰলৈ আহিছে দলসমূহৰ আভ্যন্তৰীণ কিছু সমস্যাও। শেহতীয়াকৈ শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ অসম গণ পৰিষদ (অগপ)ৰ আভ্যন্তৰীণ সংঘাতে ব্যাপক চৰ্চা লাভ কৰিছে। দলৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে তৃণমূল কৰ্মীৰ সংঘাতৰ ঘটনা আৰু বিজেপিৰ প্ৰতি তৃণমূল কৰ্মীৰ ক্ষোভৰ বিষয়টোৱে এতিয়া গুৰুত্বপূৰ্ণ ইঙ্গিত বহন কৰিছে।

এই বিদ্ৰোহৰ পৰিপ্ৰেক্ষিতত আজি দিছপুৰত অগপৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত দলৰ সভাপতি অতুল বৰাৰ লগতে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আদি শীৰ্ষ নেতৃত্ব উপস্থিত আছিল। এই বৈঠকৰ মূল উদ্দেশ্য আছিল দলৰ আভ্যন্তৰীণ বিদ্ৰোহ নিয়ন্ত্ৰণ কৰা। জানিব পৰা মতে, বৈঠকত দলৰ সকলো বিদ্ৰোহী নেতাক আমন্ত্ৰণ জনোৱা হৈছিল।

শেহতীয়াকৈ দক্ষিণ কামৰূপৰ ছয়গাঁৱত অগপৰ এক সভাত দলীয় বিদ্ৰোহৰ চিত্ৰ স্পষ্ট হৈ পৰিছিল। কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি তৃণমূল কৰ্মীৰ ক্ষোভ প্ৰকাশৰ পিছত সভাত বিশৃংখলাৰ সৃষ্টি হৈছিল। আজিৰ দিছপুৰৰ বৈঠকত ছয়গাঁৱৰ এই ঘটনাৰ বিষয়ে বিশেষভাৱে আলোচনা কৰা হয়।

বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত অতুল বৰাই জানিবলৈ দিয়ে যে ছয়গাঁৱৰ ঘটনাৰ তদন্তৰ বাবে এখন ৪ জনীয়া কমিটি গঠন কৰা হৈছে। এই কমিটিয়ে এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব, আৰু তাৰ ভিত্তিত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি অতুল বৰাই উল্লেখ কৰে। আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁৰ মতে, নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ বাবে ইতিমধ্যে গঠন কৰা কমিটিৰ প্ৰতিবেদনৰ ওপৰতো আজিৰ বৈঠকত আলোচনা হয় বুলি জনিবলৈ দিয়ে।

দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰ সৈতে ৰাজ্যৰ ১০খন স্থানত দলীয় সভা আয়োজনৰ সিদ্ধান্ত লোৱা হৈছে বুলি অতুল বৰাই জানিবলৈ দিয়ে। তেওঁ দাবী কৰে যে দলত কোনো বিদ্ৰোহ বা বিসম্বাদ নাই। তেওঁৰ মতে, মতানৈক্য থাকাটো স্বাভাৱিক, কিন্তু দলত বিদ্ৰোহৰ কোনো স্থান নাই।

বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গতো অতুল বৰাই গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে মিত্ৰতাত থাকিলে পাৰস্পৰিক সহযোগিতাৰ নীতি মানি চলিব লাগিব। আসনৰ সংখ্যা বৃদ্ধিৰ বিষয়ে চিন্তা-চৰ্চা চলিব আৰু শেহতীয়া বিতৰ্কৰ প্ৰেক্ষাপটত বিজেপিৰ সৈতে আলোচনা কৰা হ’ব বুলিও তেওঁ স্পষ্ট কৰে।

Related News