• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ প্ৰয়োজন নাই, তেওঁহে ক্ষমা খুজিব লাগে: ৰাহুল গান্ধী

নিট পৰীক্ষাৰ অনিয়মক লৈ প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীক 'ক্ষমা' কৰি দিয়া বুলি কৰা প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কংগ্ৰেছ নেতাগৰাকীৰ; শিক্ষা ব্যৱস্থাৰ ব্যৰ্থতাক লৈ ক্ষোভ প্ৰকাশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2026 6:12 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিট পৰীক্ষাৰ অনিয়মক লৈ প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীসকলৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰিছে লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। শনিবাৰে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট কৰি গান্ধীয়ে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ দুখ-কষ্ট উপলব্ধি কৰিবলৈ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।

 

Apply Now

ৰাহুল গান্ধীয়ে উল্লেখ কৰে যে প্ৰকৃত সমস্যাটো প্ৰতিবাদকাৰীৰ আচৰণ নহয়, বৰঞ্চ শিক্ষা ব্যৱস্থাৰ ব্যৰ্থতাহে, যাৰ বাবে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰৰ দিশলৈ গতি কৰিছে। নিজ সন্তানৰ ভৱিষ্যতক লৈ পিতৃ-মাতৃৰ দুখতকৈ অধিক যন্ত্ৰণাদায়ক আন একো হ’ব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে হেৰাই যোৱা প্ৰতিটো যুৱ জীৱনৰ আঁৰত একোখন পৰিয়ালে কঢ়িয়াই ফুৰা যন্ত্ৰণা নিহিত হৈ থাকে, যি যন্ত্ৰণা কেতিয়াও শেষ নহয়। ফাদিল হোৱা প্ৰশ্নকাকত আৰু বাতিল হোৱা পৰীক্ষাই ছাত্ৰ-ছাত্ৰীৰ বছৰ বছৰ ধৰি কৰা প্ৰস্তুতি নিমিষতে ধ্বংস কৰি পেলাইছে বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে। এটা অসৎ ব্যৱস্থাৰ মাজত ছাত্ৰ-ছাত্ৰীসকলক সততাৰে কাম কৰিবলৈ বাধ্য কৰোৱা হৈছে বুলি কংগ্ৰেছ নেতাগৰাকীয়ে আক্ষেপ কৰে।

প্ৰতিবাদত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক ক্ষমা কৰি দিয়া সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যৰো তীব্ৰ বিৰোধিতা কৰে গান্ধীয়ে। তেওঁ অভিযোগ কৰে যে প্ৰধানমন্ত্ৰীয়ে এতিয়ালৈকে এগৰাকীও দুৰ্ভগীয়া পিতৃ-মাতৃ বা প্ৰশ্নকাকত ফাদিলৰ বাবে ভৱিষ্যত অন্ধকাৰ হোৱা ছাত্ৰ-ছাত্ৰীক সাক্ষাৎ কৰা নাই। ভাৰতৰ ছাত্ৰ-ছাত্ৰীক প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ কোনো প্ৰয়োজন নাই, বৰঞ্চ তেওঁহে ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা খুজিব লাগে বুলি গান্ধীয়ে মন্তব্য কৰে।

 

উল্লেখ্য যে, শুকুৰবাৰে নিশা প্ৰধানমন্ত্ৰী মোদীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ বাৰ্তা যোগে নিট প্ৰতিবাদ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰিছিল। যন্তৰ-মন্তৰত প্ৰতিবাদকাৰীয়ে তেওঁৰ আৰু তেওঁৰ প্ৰয়াত মাতৃৰ বিৰুদ্ধে ব্যৱহাৰ কৰা আপত্তিজনক ভাষাৰ বিষয়ে জানিব পাৰি তেওঁ এই বাৰ্তা দিবলৈ বাধ্য হোৱা বুলি জানিবলৈ দিছিল। সমাজত বিৰাজমান ক্ষোভ তেওঁ বুজিব পাৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে খঙৰ পৰিৱৰ্তে সহানুভূতিৰে সঁহাৰি জনাবলৈ আহ্বান জনাইছিল। লগতে তেওঁ প্ৰতিবাদকাৰীসকলক “আমাৰ নিজৰ সন্তান” বুলি অভিহিত কৰি তেওঁলোকক আদালতৰ মজিয়ালৈ টানি নিয়া বা ৰাজহুৱা স্থানত অপমানিত কৰাৰ পৰিৱৰ্তে ক্ষমা কৰি সঠিক পথলৈ অনাটো সকলোৰে দায়িত্ব বুলি মন্তব্য কৰিছিল।

 

উল্লেখ্য যে ২০ জুনৰ পৰা যন্তৰ-মন্তৰত ককৰোচ জনতা পাৰ্টীৰ বেনাৰত নিট পৰীক্ষাৰ অনিয়মৰ বিৰুদ্ধে এই তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছিল। কেন্দ্ৰীয় চৰকাৰে গোটটোৰ দাবী মানি লোৱাৰ লগতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পিছত যোৱা ২৫ জুলাইত এই প্ৰতিবাদৰ সামৰণি পৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ প্ৰয়োজন নাই, তেওঁহে ক্ষমা খুজিব লাগে: ৰাহুল গান্ধী

ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ প্ৰয়োজন নাই, তেওঁহে ক্ষমা খুজিব লাগে: ৰাহুল গান্ধী

August 1, 2026 6:12 pm
প্ৰশ্নকাকত ফাদিল বিৰোধী আইনত ৰাষ্ট্ৰপতিৰ অনুমোদন: দোষী সাব্যস্ত হ’লে হ’ব দহ বছৰৰ জেইল, দহ কোটি টকাৰ জৰিমনা

প্ৰশ্নকাকত ফাদিল বিৰোধী আইনত ৰাষ্ট্ৰপতিৰ অনুমোদন: দোষী সাব্যস্ত হ’লে হ’ব দহ বছৰৰ জেইল, দহ কোটি টকাৰ জৰিমনা

August 1, 2026 4:38 pm
ধেমাজিত পুনৰ বানৰ তাণ্ডৱ: জিয়াধলৰ সোঁতত উটি গ’ল বাসগৃহ, কথমপি প্ৰাণৰক্ষা বৃদ্ধা মাতৃ আৰু অসুস্থ কন্যাৰ

ধেমাজিত পুনৰ বানৰ তাণ্ডৱ: জিয়াধলৰ সোঁতত উটি গ’ল বাসগৃহ, কথমপি প্ৰাণৰক্ষা বৃদ্ধা মাতৃ আৰু অসুস্থ কন্যাৰ

August 1, 2026 2:55 pm
বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

August 1, 2026 12:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ প্ৰয়োজন নাই, তেওঁহে ক্ষমা খুজিব লাগে: ৰাহুল গান্ধী

ছাত্ৰ-ছাত্ৰীসকলক প্ৰধানমন্ত্ৰীৰ ক্ষমাৰ প্ৰয়োজন নাই, তেওঁহে ক্ষমা খুজিব লাগে: ৰাহুল গান্ধী

August 1, 2026 6:12 pm
প্ৰশ্নকাকত ফাদিল বিৰোধী আইনত ৰাষ্ট্ৰপতিৰ অনুমোদন: দোষী সাব্যস্ত হ’লে হ’ব দহ বছৰৰ জেইল, দহ কোটি টকাৰ জৰিমনা

প্ৰশ্নকাকত ফাদিল বিৰোধী আইনত ৰাষ্ট্ৰপতিৰ অনুমোদন: দোষী সাব্যস্ত হ’লে হ’ব দহ বছৰৰ জেইল, দহ কোটি টকাৰ জৰিমনা

August 1, 2026 4:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd