কালি মহন্ত পন্থীৰ প্ৰৱেশ নিষিদ্ধ, আজি ৫০ জনীয়া কৰ্মীৰ দল লৈ অতুল বৰা পন্থীৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত বৈঠক

AGP meeting

অগপৰ বৈঠকৰ দৃশ্য

৭ জানুৱাৰিত আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্য্যালয়ত অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তক বৈঠক অনুষ্ঠিত কৰিবলৈ অনুমতি নিদি আজি কাৰ্য্যালয়ত বৈঠক অনুষ্ঠিত কৰে দলৰ সভাপতি  অতুল বৰা সহিতে মহানগৰ জিলা সমিতিৰ কেইগৰাকীমান তৃণমূল কৰ্মীয়ে।

বৈঠকত মূলক ‘কা’ বিৰোধী স্থিতিৰে প্ৰফুল্ল মহন্তৰ কাষত থকা গুৱাহাটী মহানগৰ সমিতি ভংগ কৰি নতুন মহানগৰ সমিতি গঠন হোৱাৰ সম্ভাৱনা আছে।

তদুপৰি বৈঠকত মঙলবাৰে মহন্তই অনুষ্ঠিত কৰা বৈঠক সম্পৰ্কেও পৰ্যালোচনা কৰিব বুলি এক বিশেষ সূত্ৰই জানিবলৈ দিয়ে।

বৈঠকতে বিধায়ক হিচাপে ৩৫ বছৰ সম্পূৰ্ণ কৰা বৰ্তমান অসম চৰকাৰৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। দলৰ তৰফৰ পৰা সভাপতি অতুল বৰাই ফণীভূষণ চৌধুৰীক সম্বৰ্ধনা জ্ঞাপন কৰে।

‘‘এটা দলৰ পৰা একেৰাহে বিধায়ক হৈ কেতিয়াও কোনোধৰণৰ বিভাজন নকৰাকৈ চৌধুৰীয়ে অগপ দলৰ ধ্বজা উৰুৱাই ৰাখিলে, সেয়েহে আজিৰ দিনটো আমাৰ বাবে সৌভাগ্যৰ দিন’’, ফণীভূষণ চৌধুৰী সন্দৰ্ভত এই মন্তব্য কেশৱ মহন্তৰ।

 

প্ৰায় ৫০ গৰাকী তৃণমূল অগপ কৰ্মীক লৈ অনুষ্ঠিত হোৱা বৈঠকত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু সত্যব্ৰত কলিতাকে ধৰি অন্যান্য বিষয়ববীয়াসকল।

উল্লেখযোগ্য যে, মঙলবাৰে অগপ নেতৃত্বৰ বদলিৰ দাবী তুলি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ফৈদ বৈঠকত মিলিত হৈছিল।

প্ৰফুল কুমাৰ মহন্তৰ ফৈদে ২৯খন জিলা সমিতিৰ সন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰি ‘কা’ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ নেতৃত্বক সাত দিনৰ সময় সীমা বান্ধি দিছিল অন্যথা নেতৃত্বৰ পৰিৱৰ্তনৰ দাবী উত্থাপন কৰিছিল।