বৰপেটাত মাত্ৰ এবাৰ জয়ী; ধুবুৰী সমষ্টিত সফলতাৰ মুখ দেখা নাই অগপই

'১৪-ৰ নিৰ্বাচনত বৰপেটাত ভোট পাইছিল মাত্ৰ ৬ শতাংশ

AGP delegate meeting with Amit shah

দিল্লীত বিজেপিৰ সভাপতি অমিত শ্বাহক লগ কৰা মুহূৰ্তত অগপৰ নেতৃত্ব। ফটো : য়ু বি।

ৰাজ্যখনত আঞ্চলিকতাবাদৰ ৰাজনীতিৰ ধ্বজাবাহী অগপই ৰাষ্ট্ৰীয়তাবাদী বিজেপিৰ সৈতে পুনৰ মিত্ৰতা কৰি আসন বুজাবুজিত ৰাজ্যৰ ১৪টা সমষ্টিৰ ভিতৰত জয়ৰ সম্ভাৱনা নথকা ৩টা সমষ্টিহে পাবলৈ সক্ষম হোৱাত আগন্তুক লোকসভা নিৰ্বাচনত হতাশাজনক ফল প্ৰায় নিশ্চিত হৈ পৰিছে আঞ্চলিক দলটোৰ ভাগ্যত।

অগপই নিজৰ ভাগত পোৱা সমষ্টিকেইটা হ’ল বৰপেটা, ধুবুৰী আৰু কলিয়াবৰ। ইয়াৰে বৰপেটাত মাত্ৰ এবাৰ (১৯৮৫-অত) জয়ী হোৱাৰ বিপৰীতে ধুবুৰীত দলটোৱে এতিয়াও নিজৰ জয়ৰ আৰম্ভণি কৰিবলৈ বাকী আছে। আনপিনে কলিয়াবৰ সমষ্টিত শেষবাৰ জয়ী হৈছিল ১৯৯৬চনতে। বৰ্তমান সমষ্টিটো কংগ্ৰেছৰ দখলত আৰু সমষ্টিটো কংগ্ৰেছৰ দুৰ্গত পৰিণত হৈছে যোৱা প্ৰায় দুটা দশকত। কলিয়াবৰত ’৮৪-ত ভদ্ৰেশ্বৰ তাঁতী আৰু ’৯৬-অত কেশৱ মহন্ত জয়ী হৈছিল দলটোৰ পৰা। তাৰ পিছত একেৰাহে ৬টা নিৰ্বাচনত কংগ্ৰেছৰ দখলত আছে এই সমষ্টিটো।

আনপিনে ঘাইকৈ ভাষিক জাতীয়তাবাদৰ ৰাজনীতি কৰা আঞ্চলিক দলটোৰ নেতৃত্বই ভাষিক জাতীয়তাবাদৰ কোনো উমঘাম নথকা ধুবুৰী আৰু বৰপেটা সমষ্টি নিজৰ বাবে ল’বলৈ সন্মত হোৱাটো এক প্ৰকাৰৰ ৰাজনৈতিক অদূৰদৰ্শিতা, অপৰিপক্বতা বুলিব পাৰি। অথবা ইয়াক দলটোক ৰাজনৈতিকভাৱে হত্যা কৰাৰ এক পৰিকল্পিত আঁচনি বুলি ভাবিবলৈও থল আছে।

যোৱা ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিত দলটোৱে মাত্ৰ ৬.১১ শতাংশ ভোটহে লাভ কৰিছিল। মুঠ প্ৰায় ১২ লাখ ভোটৰ ৭৪ হাজাৰ ভোট লাভ কৰি চতুৰ্থত ৰৈছিল ফণীভূষণ চৌধুৰী। দ্বিতীয় স্থানত ৰোৱা বিজেপিয়ে লাভ কৰা ভোটৰ হাৰ ভাল আছিল যদিও বিজেপিৰ ভোটাৰে এবাৰ মতাদৰ্শগত সংঘাতত লিপ্ত অগপক আন্তৰিকতাৰে গ্ৰহণ কৰিব নে নকৰে সেয়া এটা প্ৰশ্ন। তাৰোপৰি মোদী ঢৌত অহা নিম্নচাপৰ সমান্তৰালভাৱে আগৰ তুলনাত বিজেপিৰ ভোটো খহনীয়াত পৰিছে।

আনহাতে ২০১৪ চনত ধুবুৰীত দলটোৰ প্ৰাৰ্থী নাছিল। এতিয়াৰ মিত্ৰ দল বিজেপি ৰৈছিল তৃতীয় স্থানত। ভোট পাইছিল ২১.৮৩ শতাংশ। লগতে এই তথ্যও গুৰুত্বপূৰ্ণ যে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত এটাও বিধানসভা সমষ্টি আঞ্চলিক দলটোৰ দখলত নাই।

এইবোৰ পৰিসংখ্যা নিজৰ হাতত থকাৰ পিছতো দলটোৱে এইকেইটা সমষ্টিক বাছি লোৱাত বা ল’বলৈ সন্মত হোৱাত নিশ্চয়কৈ ‘অন্য অংক’ থাকিব পাৰে।

লোকসভা নিৰ্বাচনত দলটোৰ ফলাফল শূন্য হ’লে আঞ্চলিক দলটোৰ যে একেবাৰে কঁকাল ভাগিব আৰু ’২১-অৰ বিধানসভা নিৰ্বাচনত অকলে থিয় দিয়াৰ মনোবল নাথাকিব সেয়া নিশ্চিত। দলটোক এনেকুৱা এটা অৱস্থালৈ ঠেলি দিয়াৰ বাবে দলটোৰ ভিতৰৰ নেতাৰে অথবা দলৰ ‘মিত্ৰ’ৰ ষড়যন্ত্ৰ চলিছে নেকি?