• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2025 8:26 pm
107
VIEWS
Share on FacebookShare on Twitter

আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে অসম গণ পৰিষদ (অগপ)-এ পুনৰ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। দলটোৱে এই সিদ্ধান্ত লৈছে বিশেষ চৰ্তৰ আধাৰত। উল্লেখযোগ্য যে, অহা ১৯ জুনত অসমৰ  ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

অসম বিজেপিয়ে ইতিমধ্যে এখন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰি চূড়ান্ত কৰিছে। বিজেপিয়ে মিত্ৰদল অগপক এখন আসন এৰি দিলে, সেই আসনত পুনৰ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক মনোনয়ন দিয়ে অগপে। বৰ্তমানেও এই দুয়োখন আসন বিজেপি আৰু অগপৰ দখলত আছে, য’ত অগপৰ হৈ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিজেপিৰ হৈ মিছন ৰঞ্জন দাস সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

অগপৰ সূত্ৰ অনুসৰি, দলটোৱে এইবাৰ মুঠ ২৭ গৰাকী প্ৰাৰ্থীৰ আবেদন বিবেচনা কৰিছিল। অভ্যন্তৰীণ আলোচনা আৰু বিদ্ৰোহৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি, দলটোৱে অবশেষত পুনৰ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক বাছনি কৰে।

শনিবাৰে গুৱাহাটীস্থিত অগপৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত উপস্থিত আছিল অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা তথা সাংসদ ফণীভূষণ চৌধুৰী আৰু আন কিছুমান নেতাসকল।

দলীয় সূত্ৰ অনুসৰি, বৈশ্যক দিয়া এই প্ৰাৰ্থীত্ব বিশেষ চৰ্তৰ সৈতে সংলগ্ন। সেই চৰ্ত অনুসৰি, তেওঁক নিৰ্বাচনৰ দুবছৰ পাছত আসনখন পৰিত্যাগ কৰিব লাগিব। পৰৱৰ্তী সময়চোৱাত অগপে নতুন প্ৰজন্মৰ নেতাক এই আসনলৈ আগবঢ়াব বুলি স্পষ্টকৈ প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, তেওঁ ২০০৮-২০১৪ আৰু ২০১৯-২০২৫ কালছোৱাৰ বাবে ৰাজ্যসভাৰ সদস্য আছিল। লগতে, ১৯৯৬ চনত মংগলদৈ লোকসভা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈ কেন্দ্ৰীয় তীখা আৰু খনি মন্ত্ৰীৰ দায়িত্বও পালন কৰিছিল। অগপৰ এই সিদ্ধান্তই দলত সংগঠনৰ একতা ৰক্ষা কৰাৰ লগতে অভিজ্ঞতা আৰু প্ৰজন্মৰ মেল বন্ধন ৰাখিবলৈ চেষ্টা কৰা দেখুৱাইছে বুলি আশা কৰিছে।

Recent News

ভাইৰেল ভিডিঅ’ই উদঙাই দিলে চিকিৎসকৰ গাফিলতি: মেৰুটৰ এখন চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগত চিকিৎসকৰ অৱহেলাত ৰোগীৰ মৃত্যু

ভাইৰেল ভিডিঅ’ই উদঙাই দিলে চিকিৎসকৰ গাফিলতি: মেৰুটৰ এখন চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগত চিকিৎসকৰ অৱহেলাত ৰোগীৰ মৃত্যু

খুলি খুলি খাইছে নেকি বিচ্ছেদৰ বেদনাই? জানি লওক মন ভালে ৰখাৰ কিটিপ

খুলি খুলি খাইছে নেকি বিচ্ছেদৰ বেদনাই? জানি লওক মন ভালে ৰখাৰ কিটিপ

যদি মোদীৰ ইন্দিৰা গান্ধীৰ দৰে সাহস আছে, তেন্তে তেওঁ কওক যে ট্ৰাম্পে যুদ্ধবিৰতিৰ বিষয়ে মিছা কৈছিল: ৰাহুল গান্ধী

যদি মোদীৰ ইন্দিৰা গান্ধীৰ দৰে সাহস আছে, তেন্তে তেওঁ কওক যে ট্ৰাম্পে যুদ্ধবিৰতিৰ বিষয়ে মিছা কৈছিল: ৰাহুল গান্ধী

ইয়াতেই লিখা হৈছিল ‘গীতঞ্জলি’, এতিয়া পৰিতক্ত ৰবীন্দ্ৰনাথৰ সেই ‘হৈমন্তী’! ৰক্ষণাবেক্ষণৰ দাবী প্ৰতিমা মণ্ডলৰ

ইয়াতেই লিখা হৈছিল ‘গীতঞ্জলি’, এতিয়া পৰিতক্ত ৰবীন্দ্ৰনাথৰ সেই ‘হৈমন্তী’! ৰক্ষণাবেক্ষণৰ দাবী প্ৰতিমা মণ্ডলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd