আত্মশুদ্ধি আৰু প্ৰায়শ্চিত্তৰে পুনৰ জনসাধাৰণৰ আশিষ বিচাৰিব অগপই

5c333dfe210000d409caab66

বিজেপি নেতৃত্বাধীন ৰাজ্যচৰকাৰখনৰ লগত মিত্ৰতাৰে অগপই আঢ়ৈটা বছৰ অতিক্ৰম কৰাৰ পাছত মিত্ৰজোঁট তথা চৰকাৰৰ পৰা পদত্যাগ কৰা অগপৰ  সভাপতি অতুল বৰাই ৰাইজৰ আশিষ বিচাৰি শুকুৰবাৰে শিৱসাগৰত উপস্থিত হয়। শিৱসাগৰত উপস্থিত হৈ সভাপতি অতুল বৰাই সংবাদ মাধ্যমৰ আগত কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

শুকুৰবাৰে শিৱসাগৰ নগৰৰ অসম গণ পৰিষদৰ জিলা কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছত সাংবাদিকৰ আগত অগপৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দি বিজেপিয়ে অসম চুক্তি নস্যাৎ কৰাৰ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম-কাজ স্তব্ধ কৰিব বিচাৰিছে। কিন্তু অসমে আৰু কোনো কাৰণতে এজনো বিদেশীৰ বোজা বহন কৰিব নোৱাৰে।

আত্মশুদ্ধি আৰু প্ৰায়শ্চিত্তৰ জৰিয়তে অসমৰ জনসাধাৰণৰ কাষত পুনৰ জাতীয় চেতনা আৰু অস্তিত্বৰ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হোৱাৰ আশিস বিচাৰিম বুলি উল্লেখ কৰি বৰাই আক্ষেপেৰে কয়, ‘’৮৫৫গৰাকী শ্বহীদৰ ত্যাগৰ বিনিময়ত আঞ্চলিকতাবাদৰ স্বাৰ্থত শ্বহীদৰ তেজেৰে গঢ়া দল অসম গণ পৰিষদ। অগপই সদায় অসম আৰু অসমীয়া জাতিৰ সুৰক্ষাৰ হকে মাত মাতি আহিছে। অসমতে যদি অসমীয়া সুৰক্ষিত হ’ব নোৱাৰে, তেন্তে ক’ত সুৰক্ষিত হ’ব।‘’

তদুপৰি, তেওঁ স্বীকাৰ কৰে যে অগপৰ শাসনকালত অসম চুক্তি ৰূপায়ণ নোহোৱাৰ বাবে ৰাইজৰ যথেষ্ট অসন্তুষ্টি আছে। ‘’আমি সেই সময়ৰ অক্ষমতাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ।‘’

আনহাতে, বিগত ২০১৪’ৰ লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদীয়ে বিজেপি ক্ষমতালৈ আহিলে সকলো বিদেশীয়ে টালি-টোপোলা বন্ধাৰ কথা কোৱাৰ বাবে আশ্বস্ত হৈ অগপই বিজেপিৰে মিত্ৰতা কৰা বুলি উল্লেখ কৰি বৰাই কয়,‘’আমি চৰকাৰৰ ভিতৰত থাকিয়েই বিধেয়কখনৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছিলো। কিন্তু বৰ্তমান বিজেপিৰ নেতাসকলৰ মুখা খোল খাইছে আৰু কংগ্ৰেছৰ দৰে তেওঁলোকেও অসমক বিদেশীৰ চৰণীয়া পথাৰত পৰিণত কৰিব বিচাৰে।‘’

বৰাই লগতে কয় যে নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে অগপই অসমৰ ৰাইজৰ সৈতে আত্মশুদ্ধিৰে মৰণপণ যুঁজ দিয়াৰ সংকল্প লৈছে।